ৰান্ধনী ঘৰৰ গৃহিণীৰ আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰীবিধ হৈছে গেছ চিলিণ্ডাৰ। কিন্তু এই চিলিণ্ডাৰৰ এটা প্ৰধান সমস্যা হৈছে যে শেষ হ’বৰ সময়ত চিলিণ্ডাৰত কিমান পৰিমাণৰ গেছ আছে সেই কথা জনাটো সম্ভৱ নহয়। গৃহিণীসকলে আনুমানিক এক লেখ-জোখৰ সহায়ত আগতীয়াকৈ গেছ কেতিয়া শেষ হ’ব সেই কথা অনুমান কৰি লয়।
কিন্তু চিলিণ্ডাৰত গেছ কিমান পৰিমাণৰ ৰৈছেগৈ সেই কথা এটা সাধাৰণ পদ্ধতিৰ সহায়ত অতি সহজেই বুজিব পৰা যায়। এই পদ্ধতিৰ মতে প্ৰথমে এখন পানীত তিয়াই লোৱা কপাহী কাপোৰেৰে চিলিণ্ডাৰটো ভালদৰে পৰিষ্কাৰ কৰিব লাগিব। চিলিণ্ডাৰটো এইদৰে পৰিষ্কাৰ কৰিব লাগিব যাতে তাত অলপো ধূলিৰ আৱৰণ নাথাকে।
কাপোৰখনেৰে পৰিষ্কাৰ কৰা হোৱাৰ পাচত দেখা যাব যে চিলিণ্ডাৰটো শুকাবলৈ আৰম্ভ কৰিছে। দুই- তিনি মিনিটৰ পাচত ভালদৰে লক্ষ্য কৰিলে দেখা যাব যে চিলিণ্ডাৰৰ কিছু অংশ শুকাইছে আৰু কিছু অংশ তেতিয়াও তিতি আছে। সেই তিতি থকা অংশ শুকাবলৈ কিছু সময়ৰ দৰকাৰ হ’ব।
উল্লেখ্য যে যি অংশ তিতা অৱস্থাত থাকিব , সেই পৰিমাণৰ গেছ চিলিণ্ডাৰটোত বাকী আছে বুলি ধৰিব পৰা যাব। জানিবলৈ পোৱা মতে যি অংশত তৰল থাকে, সেই অংশত তাপমাত্ৰা খালী হৈ থকা অংশতকৈ কম হয়। ফলত চিলিণ্ডাৰৰ গেছ থকা অংশটো শুকাওতে বেচি সময় লাগে।