পুষ্টিগুণৰ ফালৰ পৰা গাখীৰ হৈছে সকলো খাদ্যতকৈ ওপৰত।গাখীৰক একেধাৰে নেচাৰেল ক্লিনজাৰ , ট’নাৰ আৰু মইশ্বাৰাইজাৰ বুলিও কোৱা হয়। শুকান ছালৰ অধিকাৰী সকলে গাখীৰৰ থেৰাপী কৰিব পাৰে।ইয়াৰ বাবে গা ধোৱা পানীৰ লগত দুকাপ গাখীৰ মিহলাই গাধুব লাগে। ছালত পৰা ক’লা দাগ আঁতৰাবৰ বাবে গাখীৰৰ স্বৰৰ লগত অলিভ অইল আৰু কেঁচা হালধি মিহলাই পেষ্ট বনাই লগাব লাগে।দহ মিনিট পাছত গা ধুই দিব লাগে। মুখৰ ক’লা ভাব , বলি ৰেখা আদি দূৰ কৰিবলৈ গাখীৰত জাফৰণ তিয়াই থব লাগে আৰু এই গাখীৰেৰে মুখ ধুব লাগে। নিয়মিত ভাবে লগালে ভাল ফল পোৱা যায়। ওঁঠৰ ক’লা ভাব সম্পূৰ্ণৰূপে দূৰ কৰিবলৈ গোলাপ ফুলৰ পাহি বটা আৰু গাখীৰ মিহলাই লগাব লাগে।
সৌন্দৰ্য চৰ্চাত মৌৰ অৱদান অপৰিসীম। মৌত প্ৰাকৃতিক মোইশ্বাৰাইজাৰ থাকে।বাৰ্ধক্য ৰোধ কৰাতো মৌৰ গুণাগুণ অপৰিসীম। এচামুচ মৌ এগিলাচ পানীত মিহলাই খালে দিনটোৰ ক্লান্তি দূৰ হয়। মৌৱে ছালত অক্সিজেন যোগান ধৰে। চকুৰ নানা সমস্যা , নিস্প্ৰাণ চকুযুৰিৰ বাবেও মৌ মিহলোৱা পানী ব্যৱহাৰ কৰিব পাৰে। দাঁতৰ ওপৰত হালধীয়া চামনি পৰিলে মৌ অলপ দাঁতত পাতলকৈ মালিচ কৰিলেই দাঁতৰ উজ্বলতা ঘুৰি আহিব। ওজন কমাবলৈও কুহুমীয়া পানীত এচামুচ মৌ আৰু আধা চামুচ নেমু ৰস মিহলাই খোৱা উচিত। নিৰ্জিৱ ছালকো কম সময়তে মৌৱে সজীৱতা প্ৰদান কৰে। সকলো ধৰণৰ ছালতেই মৌ ব্যৱহাৰ কৰিব পৰা যায়।
মুঠতে গাখীৰ আৰু মৌৰে প্ৰাকৃতিক ভাবে সৌন্দৰ্য চৰ্চা কৰি আমি ধুনীয়া হৈ থাকিব পাৰো।