‘বডিকন’ পোচাক হওক বা পুৰণি শাৰী হওক। স্নিকাৰ এতিয়া ফেশ্বনৰ অংগ । দীৰ্ঘ সময় খোজ কঢ়া বা থিয় হৈ থকাৰ বাবে আৰামৰ প্ৰয়োজন। ফেশ্বনৰ উপৰিও এই ধৰণৰ জোতাই ভৰিৰ যত্ন লোৱাতো সহায় কৰে। গতিকে ভৰিৰ ঘাম ওলালেও দৈনিক স্নিকাৰ পিন্ধাটো এটা অভ্যাসত পৰিণত হৈছে। কিন্তু বগা জোতাবোৰ লেতেৰা হয় ৷ কেনেদৰে আঁতৰ কৰিব বগা জোতাৰ ক’লা দাগ ?
১. বগা বস্তুবোৰ লেতেৰা হোৱাৰ পাছত বেছি সময় নাৰাখিলে ভাল। গতিকে যদি আপোনাৰ হাতত তিতা কাপোৰ থাকে তেন্তে লগে লগে মচি দিয়াৰ অভ্যাস কৰিব পাৰে। দাগটো সম্পূৰ্ণৰূপে আঁতৰাই নিদিলেও জোতাত দাগটো আবদ্ধ হৈ পৰাৰ আশংকা কমি যাব।
২. জোতাৰ খাঁজ পৰিষ্কাৰ কৰিবলৈ কোমল ‘ব্ৰিষ্টল’ থকা ব্ৰাছ ব্যৱহাৰ কৰিব পাৰে। ধাতুৰ ব্ৰিষ্টল থকা ব্ৰাছ ব্যৱহাৰ কৰি স্নিকাৰ পৰিষ্কাৰ কৰিব নোৱাৰি।
৩. অলপ বডি ৱাছ বা ডিচ ৱাছ পানীৰ লগত মিহলাই দ্ৰৱ বনাব পাৰে। ঘৰলৈ উভতি অহাৰ পিছত দ্ৰৱটোত কোমল টুথব্ৰাছ এটা ডুবাই জোতাৰ দাগ পৰা অংশটো লাহে লাহে ঘঁহি দিয়ক ।
৪. যদি ওপৰৰ সকলোবোৰ টিপছে কাম নকৰে তেন্তে জোতাৰ দাগ পৰা ঠাইত বগা ভিনেগাৰ লগাব পাৰে। কিছু সময় লগাই থৈ দিব। লঘু হেণ্ড ব্ৰাছেৰে স্ক্রাব কৰি ধুই পেলাওক।
৫. বেকিং চোডা আৰু পানীৰে ডাঠ মিশ্ৰণ বনাওক। এই মিশ্ৰণটো লেতেৰা হোৱা স্থানত লগাই ১৫-২০ মিনিট ৰাখিব। ইয়াৰ পিছত কোমল স্ক্ৰাবেৰে ধুই পেলাওক। দেখিব জোতাযোৰ পৰিস্কাৰ হৈ পৰিছে ৷