হোৱাটছএপ ব্যৱহাৰ কৰা লোকসকলে এতিয়াৰে পৰা খুব সহজতে কোনো মেছেজ নিলিখাকৈ বা টাইপ নকৰাকৈ আনলৈ মেছেজ পঠিয়াব পাৰি । এইকাম সম্ভৱ হৈ উঠিছে ডিজিটেল এচিছটেন্টৰ (Digital Assistant) বাবে। কোনো এজন লোকে কেৱল ভাৰ্চুৱেল এচিছটেন্ট (Virtual Assistant)ৰ লগত কথা পাতি হোৱাটছএপ মেছেজ পঠিয়াবলৈ ক’লেই সম্পূৰ্ণ হৈ উঠিব এই কাম ।
উল্লেখযোগ্য যে এন্ডৰইড ফোন ব্যৱহাৰ কৰা লোকসকলে মেছেজ পঠিয়াবৰ বাবে গুগল এচিছটেন্টৰ(Google Assistant) সহায় ল’ব পাৰে আনহাতে আই অ’ এছ (IOS) ব্যৱহাৰ কৰা সকলে চিৰি (Siri)ৰ জৰিয়তে হোৱাটছএপ মেছেজ পঠিয়াব পাৰে । যেতিয়া কোনো এজন লোক কামত ব্যস্ত থাকে বা মেছেজ লিখিব পৰা অৱস্থাত নাথাকে তেনে সময়ত মেছেজ পঠিয়াবৰ বাবে ই এক সহজ উপায় ।
আনহাতে কোনো লোকে ইচ্ছা কৰিলে ডিজিটেল এচিছটেন্টক নিজৰ বাবে মেছেজ পঢ়িবলৈয়ো ক’ব পাৰে। কিন্তু তাৰ বাবে ভাৰ্চুৱেল এচিছটেন্টে সেই লোকজনৰ অনুমতি লোৱাৰ প্ৰয়োজন। নিজৰ মোবাইল ফোনত অহা সূচনা (Notification)মৰ্মে কোনো লোকে এই কাম কৰিব পাৰিব।
ইয়াৰ বাবে গুগলে এটা মেছেজ ডিছপ্লে কৰিব য’ত লিখা থাকিব যে “To hear your messages, calendar events, and other important info, give the Google app access to your notifications.” প্ৰয়োজন হ’লে পাচত ইয়াক সলনিও কৰি ল’ব পৰা যায়।উল্লেখ্য যে সূচনা (Notification) দিয়া ঠাইত গৈ ’Disable notification access Google‘এই কাম কৰিব লাগিব ।
হোৱাটছএপত টাইপ নকৰাকৈয়ে কিদৰে মেছেজ পঠিয়াব পাৰি সেই কথা তলত উল্লেখ কৰা হ’ল –
- যদি “Hey Google” বা “Okay Google” বুলি ক’লে কোনো সঁহাৰি পোৱা নাযায় তেন্তে প্ৰথমতে নিজৰ ফোনত “Google Assistant app“টো ইনস্টল কৰিব লাগিব। আনহাতে নিজৰ এন্ডৰইড ফোন বা টেবলেটটোত Home button তো চুই বা কিছু সময় আঙুলিৰে টিপি ৰাখিও Google Assistant সক্ৰিয় কৰিব পাৰি ।
- ইনস্টল কৰাৰ পাচত “Open” বুটামত টিপি “Hey Google” বুলি ক’ব লাগিব।
- ইয়াৰ পাচতে ডিজিটেল এচিছটেন্টে সঁহাৰি জনাব । তাৰ পাচত মেছেজ পঠিয়াব বিচৰা লোকজনে “Send a WhatsApp message to XXXX (name)” বুলি ক’ব পাৰিব ।উল্লেখ্য যে মেছেজ যাক পঠিয়াব বিচৰা হৈছে তেঁওৰ নামটো স্পষ্ট কৈ ক’ব লাগিব ।
- ইয়াৰ পাচত গুগল এচিছটেন্টে সুধিব যে মেছেজত কি কথা উল্লেখ কৰিব লাগিব।
- মেছেজ পঠিয়াব খোজা গৰাকীয়ে পঠিয়াব লগীয়া কথা জনোৱাৰ পাচত ভাৰ্চুৱেল এচিছটেন্টে মেছেজ টো টাইপ কৰি দেখুৱাব । তাৰ পাচত মেছেজটো পঠিয়াব পৰা অৱস্থাত আছে বুলি এচিছটেন্টে জনাব। গৰাকীয়ে “Okay, send it” বুলি ক’লেই মেছেজ ডেলিভাৰ হৈ যাব ।
- আনহাতে দ্বিতীয়বাৰ মেছেজ পঠিয়াবলৈ হ’লে গৰাকীজনে মাত্ৰ কৈ থাকিলেই এচিছটেন্টে মেছেজ পোনপটীয়াকৈ নিজে নিজে পঠিয়াই থাকিব ।