বয়ঃসন্ধি কালৰ অন্যতম সমস্যা হ’ল শালমইনা। আমাৰ নোমৰ গুৰিৰ তলতে তৈল গ্ৰন্ধি থাকে। এই তৈল গ্ৰন্থিয়ে স্বাভাবিক ভাৱে নিঃসৃত কৰা বস্তু খিনি ছেবাম বোলা হয়। ছেবামে ছাল নিমজ কৰে। ছোৱালীৰ কন্যাকালৰ সময়ত আৰু ল’ৰাৰ যুবক অৱস্থাত টেষ্ট’ষ্টেৰন নামৰ একপ্ৰকাৰ হৰমোনে ছেবাম নিঃসৃতৰ কাৰণে নলীকাত কিছুমান বেক্টেৰিয়াই আক্ৰমণ কৰে আৰু ইয়াক ফেটি এচিডলৈ পৰিৱৰ্তন কৰে। এই ফেটি এচিডে ছালৰ ওপৰত খজুৱতি সৃষ্টি কৰে আৰু নোমৰ গুৰিৰ কোষৰ বাহিৰ ফালে বন্ধ কৰি দিয়ে আৰু তাৰ ফলত ছালখন উখহি উঠে। ইয়াকে আমি শালমইনা বুলি কওঁ।
বনৌষধিৰে শালমইনাক প্ৰতিৰোধ কৰিব পাৰি
১) শালমইনা হোৱা ছালখন কুহুমীয়া পানীৰে ধুই লোৱাৰ পাছত দুচামুচ গোল নেমুৰ ৰস একাপ পানীত মিশ্ৰণ কৰি আহাৰ খোৱাৰ পাছত দিনে দুইবাৰকৈ একেৰাহে এমাহ খাব লাগে।
২) গোল নেমুৰ ৰস মুখমণ্ডলৰ ছালত পাঁচ মিনিট সময় সানি কুহুমীয়া গৰম পানীৰে ধুব লাগে।
৩) গা ধোৱাৰ আগতে পকা অমিতা ফেটি মুখৰ ছালত সানিলে মুখৰ ক’লা দাগ নাইকীয়া হয়।
৪) কেঁচা হালধিৰ ৰস দুই চামুচ গুড়ৰ লগত মিহলি কৰি সপ্তাহত তিনিদিনকৈ ২০ – ২৫ দিন খাব লাগে।
৫) গা ধোৱাৰ আগতে কেঁচা হালধিৰ ৰস শালমইনা হোৱা ঠাইত সানিব লাগে।
৬) ডাঙৰ শালমইনা হ’লে চিকা মৰলীয়া পাত পিহি লগাব লাগে।
৭) ৰাতি শোৱাৰ আগতে পদিনাৰ ৰস লগালে শালমইনাৰ ক’লা দাগ উঠি যায়।
৮) যথেষ্ট পৰিমানে পকা অমিতা খাব লাগে।
ঠাণ্ডা পানী , সহজে হজম হোৱা খাদ্য , টেঙাজাতীয় ফলৰ ৰস , চালাড আদি খালে উপকাৰ পোৱা যায়।