ডাকে কৈছে- ‘কাণত কচু নাভিত তেল , তাৰ ঘৰত কিহৰ বেজৰ মেল।’ অৰ্থাৎ কাণ, কচু থুৰিৰে খৰিকিয়াব লাগে।কচুৰ থুৰিত থকা আয়োডিনে কাণৰ বীজাণু নাশ কৰিব পাৰে। কাণ দুখন আমাৰ বহুত সংবেদনশীল। সেয়েহে কাণ দুখনৰ লবলগীয়া সাৱধানতা হ’ল-
১) কাণত গৰম তেল দিব নালাগে।
২) চৰাইৰ পাখি বা জুইশলাৰ কাঠি বা তেনে ধৰণৰ বস্তুৰে কাণ খৰিকিয়াব নালাগে।
৩) গা ধুৱাওঁতে বা শিশুক গাখীৰ খুৱাওঁতে সাৱধান হ’ব লাগে যাতে কাণৰ ভিতৰত পানী বা গাখীৰ কোনোপধ্যে সোমাব নোৱাৰে।
৪) অপৰিষ্কাৰ পানীৰে গা ধুব নালাগে। গা ধুওঁতে সাৱধান হ’ব লাগে। যাতে গা ধোৱাৰ পাছত কাণত পানী জমা হৈ থাকি নাযায়।
৫) কাণৰ ভিতৰত ফোঁহা আদি হ’লে সোনকালে উপযুক্ত চিকিৎসা কৰিব লাগে।
৬) কাণৰ ভিতৰত পোক-পৰুৱা আদি যাতে সোমাব নোৱাৰে তাৰ বাবে সাৱধান হ’ব লাগে।