নীতা চক্ৰৱৰ্তী
মুখ মণ্ডলৰ অতিকৈ আকৰ্ষণীয় অংগ হ’ল চকুযুৰি। চকু যুৰিয়েই হৈছে বিনন্দীয়া পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰাৰ একমাত্ৰ আহিলা। এযোৰ ধুনীয়া চকু সকলোৱে বিচাৰে। এই চকুযুৰিক সতেজ আৰু সক্ৰিয় কৰি ৰাখিবলৈ যথেষ্ট যত্নৰ প্ৰয়োজন হয়।
চকুযুৰি দীঘলীয়া হ’লে দেখিবলৈ শুৱনী হয়। ৰাতি শোৱাৰ সময়ত চকুৰ পতাত কেষ্টৰ অয়েল বা নাৰিকল তেল লগাব লাগে। এনেদৰে লগোৱাৰ ফলত চকুৰ পতা ঘন আৰু দীঘলীয়া হৈ পৰে।

চকুৰ কাৰণে ঠাণ্ডা পানী বৰ উপকাৰী।চকু যুৰি উজ্বল আৰু ঠাণ্ডা কৰি ৰাখিবলৈ হলে দিনত কেইবাবাৰো ঠাণ্ডা পানী চকুত দিব লাগে। গোলাপজল মিহলোৱা পানীৰে মাজে মাজে চকুযুৰি ধুব লাগে।

টোপনি ক্ষতি হোৱা কাৰণে বা অন্য বিভিন্ন কাৰণত চকুৰ গুৰি ক’লা পৰিব পাৰে। প্ৰচুৰ পৰিমানে পানী খালে চকুৰ এই স্বাভাৱিক অৱস্থা ঘুৰি আহে।

চকুৰ কাষত বলি ৰেখা পৰিলে দেখিবলৈ বেয়া লাগে। আলু থেতেলিয়াই বলি ৰেখাৰ ওপৰত লগাই বিশ বা পশিচ মিনিট ৰাখিব লাগে। এনেদৰে কিছুদিন যত্ন কৰিলে বলিৰেখা বোৰ নাইকিয়া হৈ যায়।

চকুৰ কাৰণে ভিটামিন ‘এ’ জাতীয় ঔষধ আৰু ফল -মূল অতি উপকাৰী। সেইবাবে গাখীৰ , গাখীৰৰ তৈয়াৰী বস্তু , বিট , গাজৰ , সেউজীয়া শাক -পাচলি , নেমু আৰু ফল-মূল প্ৰচুৰ পৰিমাণে খোৱা উচিত।

চকুৰ সতেজতা আৰু উজ্বলতা আনিবলৈ হলে চকুৰ পতাৰ ওপৰত তিঁয়হ চকলীয়াই লগাব লাগে। পিঁয়াজৰ ৰসো চকুৰ কাৰণে বৰ ভাল।সেই বাবে মাজে মাজে পিয়াজৰ ৰস চকুত দিয়া উচিত।
