স্বাস্থ্যকৰ , প্ৰটিনেৰে ভৰপূৰ আৰু খুব কম সময়তে ৰান্ধি খাব পৰা এবিধ খাদ্য হৈছে কুকুৰা অথবা হাঁহৰ কণী। কিন্তু কেৱল কণীয়েই নহয় , কণীৰ বাকলিবোৰো দৈনদ্দিন জীৱনত বহু কামত আহে।
কণীৰ বাকলি অথবা চেকুৰাবোৰ পেলাই নিদি কিকি কামত ব্যৱহাৰ কৰিব পাৰি সেই কথা উল্লেখ কৰা হ’ল-
- গাঁঠিৰ বিষ বা হাড়ৰ বিষ কমোৱাৰ ক্ষেত্ৰত কণীৰ বাকলি অতি উপকাৰী। এটা বাতিত আপেল চাইডাৰ ভিনেগাৰৰ সৈতে এটা কণীৰ বাকলি মিশ্ৰণ কৰি প্ৰায় ২ দিন ৰাখি থলে বাকলিখিনি ভিনেগাৰৰ লগত একেবাৰে মিলি যায়। এই মিশ্ৰণখিনি বিষ হোৱা ঠাইত সানি মালিচ কৰিলে যথেষ্ট উপকাৰ পোৱা যায়।
- ঘৰৰ চাৰিওকাষে থকা ফুল বা ফলৰ বাগান আৰু গছৰ গুৰিত কণীৰ বাকলি গুড়ি কৰি ছটিয়াই দিলে পোক- পতংগৰ পৰা গছজোপা বাচি থাকে। আনহাতে কণীৰ বাকলিত প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু মিনাৰেল পোৱা যায় , যি মাটিত ছটিয়াই থলে মাটিৰ উৰ্বৰতা বৃদ্ধি হয়।
- কণীৰ বগা অংশ এটা বা দুটা কণীৰ বাকলিৰ লগত গুড়ি কৰি মিশ্ৰণ কৰি মুখত লগালে মুখৰ উজ্জলতা বৃদ্ধি পায়। আনহাতে এই মিশ্ৰণ নিয়মিত ব্যৱহাৰ কৰিলে শালমন ৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পোৱা যায়।
- কফিৰ তিতা স্বাদৰ বাবে বহুতো লোকে এই পানীয়বিধ এৰি চলে । কিন্তু কফি পাউদাৰৰ লগত সামান্য কণীৰ বাকলি মিশ্ৰন কৰি থলে , সেই কফি বনাই খালে তিতা সোৱাদ বহু হ্ৰাস পায়। আনহাতে সেই পাউদাৰৰ পৰা কফি বনালে কণীৰ অতিৰিক্ত বাকলিখিনি তলত পৰি যায়। গতিকে এই ক্ষেত্ৰত চিন্তাৰ কোনো কাৰণ নাই।
- ৰান্ধনিঘৰৰ বিভিন্ন কামতো ব্যৱহাৰ হয় এই কণীৰ বাকলি। পাকঘৰত থকা বেচিন লেতেৰা হ’লে কণীৰ বাকলি দি পৰিষ্কাৰ কৰিব পৰা যায়। আনহাতে বাচন-বৰ্তনৰ পোৰা দাগ নাইকীয়া কৰাৰ ক্ষেত্ৰতো কণীৰ বাকলি অতি উপকাৰী।