মানৱ শৰীৰৰ অন্যতম প্ৰধান অংগ হ’ল হৃৎপিণ্ড। সহজতে পোৱা শাক-পাচলি আৰু ফল-মূল নিয়মীয়াকৈ ব্যৱহাৰ কৰিও আমি অত্যন্ত প্ৰয়োজনীয় হৃৎপিণ্ডটো ভালে ৰাখিব পাৰোঁ আৰু দেহৰ অন্য অংগ – প্ৰতংগ অধিক শক্তিশালী কৰিব পাৰোঁ।
১) বন্ধাকবি , ধনিয়াৰ পাত , মূলা , শাক , মধুৰিআম ,পালেংশাক, চজিনাৰ পাত ,নৰসিংহৰ পাত , চুকা শাক আদি খাদ্যপ্ৰাণ ‘গ’ যুক্ত শাক-পাচলি আৰু ফল-মূল যথেষ্ট পৰামানে খাব লাগে। প্ৰতিদিনে একোটাকৈ আপেল খালেও হৃৎপিণ্ড শক্তিশালী হয়।
২) অৰ্জুন গছৰ ছাল হৃৎপিণ্ডৰ কাৰণে মহৌষধ স্বৰূপ। এচামুচ অৰ্জুন গছৰ ছালৰ গুড়ি একাপ গাখীৰত উতলাই তেজপাত সৰু সৰুকৈ কাটি দিব লাগে। প্ৰতিদিনে তিনিবাৰকৈ এমাহ খালে – বুকুৰ ধপধপনি , উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হয় , ভাগৰ দূৰ হয় , শৰীৰৰ লোহিত ৰক্ত কণিকা বৃদ্ধি হয় ,হাঁওফাঁও ৰোগ নাশ হয় আৰু ৰক্তবাহী নলীয়েদি সহজে তেজ চলাচল কৰিব পাৰে। ই হৃৎপিণ্ডক অধিক শক্তিশালী কৰি তোলে।
৩) কেঁচা নহৰু যিকোনো হৃদৰোগীৰ কাৰণে উপযোগী। ৪/৫ ফোটা কেঁচা নহৰু নিয়মীয়াকৈ খালে হৃৎপিণ্ড শক্তিশালী হয় আৰু বিভিন্ন ধৰণৰ হৃদৰোগ প্ৰতিৰোধ হয়।
৪) ব্ৰাহ্মী , মানিমুনি শাক আৰু নহৰু একেলগে চাটনি কৰি দিনত এবাৰ খালেও হৃৎপিণ্ড ভালে থাকে।
৫) দুচামুচ ত্ৰিফলা একাপ পানীত মিহলাই আহাৰ খোৱাৰ পাছত দিনে দুবাৰ খাব লাগে।
৬) তিনি চামুচ অশ্বগন্ধাৰ গুড়ি একাপ গাখীৰত মিশ্ৰণ কৰি দিনে দুবাৰকৈ খালে উপকাৰ পোৱা যায়।
৭) হৃদৰোগীয়ে বুকুৰ বিষ আৰু উশাহ-নিশাহ লোৱাত কষ্ট পালে লগে লগে তেঁতেলী টেঙাৰ চৰ্বত খুৱালে আশানুৰূপ ফল পোৱা যায়।
৮) সৰ্পগন্ধাৰ শিপাৰ পৰা বড়ি বনাই সপ্তাহত এটাকৈ খালে উপকাৰ পোৱা যায়।
হৃৎপিণ্ড ভালে ৰাখিবলৈ মাদকদ্ৰব্য , তামোল-পাণ , ধঁপাত , মাংস ,ঘিউ , তেলজাতীয় বস্তু , কণী আদি খাব নালাগে।