VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হাতী-মানুহৰ চৰম সংঘাত : অসম-মেঘালয় সীমান্তৰ ৰাণীত খেতি পথাৰত সংযোগ কৰা বিদ্যুতৰ তাৰত লাগি মৃত্যু হ’ল এটা দঁতাল হাতীৰ

voicedesk by voicedesk
September 3, 2021
in জীৱন, সমাজ
হাতী-মানুহৰ চৰম সংঘাত : অসম-মেঘালয় সীমান্তৰ ৰাণীত খেতি পথাৰত সংযোগ কৰা বিদ্যুতৰ তাৰত লাগি মৃত্যু হ’ল এটা দঁতাল হাতীৰ
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। কেতিয়াবা যদি হাতীয়ে মানুহ মাৰিছে কেতিয়াবা আকৌ মানুহে হাতী মাৰিবলৈ উদ্যত হৈছে। তেনে এক ঘংঘাতৰ পৰিণতিত সংঘটিত হ’ল এক কৰুণ ঘটনা।আৰু এই ঘটনা সংঘটিত হৈছে মহানগৰৰ দাতি কাষৰীয়া অসম মেঘালয় সীমান্তৰ ৰাণী অঞ্চলত।বৃহস্পতি বাৰে নিশা অসম মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰাণী উদয়পুৰৰ খেতিপথাৰত এটা পূৰ্ণবয়স্ক হাতীয়ে কৰুণ মৃত্যুক সাৱটি লয়।

খবৰ অনুসৰি নিশা বিদ্যুৎতৰ তাৰত লাগি মৃত্যু হ’ল এটা প্ৰায় ৪০ বছৰ বয়সীয়া দঁতাল হাতীৰ। যি ঘটনাই এতিয়া সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে নিশাৰ ভাগত খাদ্যৰ সন্ধানত কাৱাছিং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল এই বনৰীয়া হাতীটো‌। আৰু খেতি পথাৰত প্ৰবেশ কৰি ধান খাবলৈ আৰম্ভ কৰোতেই বিদ্যুতৰ তাৰত লাগি মৃত্যু হ’য় হাতীটোৰ।পুৱা সেই খবৰ বিয়পি পৰাৰ লগে লগেই অঞ্চলবাসী আহি উপস্থিত হ’য় উক্ত অঞ্চলত

।

স্থানীয় ৰাইজে ততাতৈয়াকৈ বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত ৰাণীৰ বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মন আৰু ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তবুল বড়ো আহি উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।ইতিমধ্যে তদন্তত দুজন লোকক আটক কৰে আৰক্ষীয়ে।উল্লেখযোগ্য যোগ্য যে এই আটকাধীন দুজন লোক হৈছে পিতা পুত্ৰ । পিতৃৰ নাম হৈছে ৰামেশ্বৰ কলিতা আৰু পুত্ৰৰ নাম হৈছে গৌতম কলিতা।

ইফালে ঘটনাৰ খবৰ পাই পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী কুমাৰ শইকীয়া,সহকাৰী বন সংৰক্ষকদ্বয় জ্ঞান ৰঞ্জন দাস আৰু গোলাপ বণিয়াই ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। ইতিমধ্যে ৰাণীৰ জেষ্ঠ পশু চিকিৎসক ডা:নাৰায়ণ দেউৰীয়ে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। এই সকলো কাম সমাপন হোৱাৰ পিছত বিভাগীয় নীতি-নিয়মেৰে সমাধিস্থ কৰা হ’য় হাতীটোৰ।

উল্লেখযোগ্য যে ৰাণীৰ এই বৃহৎ খেতি পথাৰত প্ৰায়েই বনৰীয়া হাতীয়ে খেতি-পথাৰ তহিলং কৰি আহিছে ।খেতি কৰি জীৱন নিৰ্বাহ কৰা এইসকল লোকে বিভিন্ন সময়ত এনে অৱস্থাত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে। মূলতে এই সংঘাত বৃদ্ধি পোৱাৰ একমাত্ৰ কাৰণ হৈছে অসম -মেঘালয় সীমান্তৰ বনাঞ্চল ধ্বংস যজ্ঞ।ফলত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে জাকে জাকে বনৰীয়া হাতীৰ দল।এতিয়া স্থানীয় ৰাইজে বিচাৰিছে সময় থাকোতেই চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা অনাগত দিনত যে আৰু অধিক হাতী-মানুহৰ সংঘাত অধিক বৃদ্ধি পাব সেইয়া খাটাং।

Previous Post

পাকঘৰৰ উপলব্ধ বিভিন্ন দ্ৰব্যৰ উপাদানেৰে লেতেৰা বাচন কেনেকৈ চাফা কৰিব? জানিবলৈ পঢ়ক

Next Post

মিজোৰামৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী ন্যায়াধীশ হোৱাৰ পথত অনুসূচিত জনজাতিৰ মহিলা মাৰ্লি ভেনকুঙ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
মিজোৰামৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী ন্যায়াধীশ হোৱাৰ পথত অনুসূচিত জনজাতিৰ মহিলা মাৰ্লি ভেনকুঙ

মিজোৰামৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী ন্যায়াধীশ হোৱাৰ পথত অনুসূচিত জনজাতিৰ মহিলা মাৰ্লি ভেনকুঙ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7