সুস্থ হৈ থাকিবলৈ ব্যায়াম কৰাটো প্ৰয়োজনীয়। কিন্তু, জিম, দৌৰা বা যোগাসন নহয়, বহুতে চাইকেল চলাবলৈ পছন্দ কৰে। আকৌ সাঁতুৰিলে গৰমৰ পৰা হাত সৰাৰ লগতে ওজন নিয়ন্ত্ৰণত কৰিব পৰা যায় ৷ কিন্তু শৰীৰ বা মনৰ বাবে কোনটো ভাল- সাঁতোৰা নে চাইকেল চলোৱাটো ?
সাঁতোৰ কিয় ভাল?
সাঁতুৰিলে সমগ্ৰ শৰীৰৰ ব্যায়াম হয়। সাঁতুৰিলে শৰীৰৰ হৃদযন্ত্ৰকে ধৰি প্ৰতিটো অংগ সঞ্চালিত হয় । হাওঁফাওঁৰ কাৰ্য্যক্ষমতা বৃদ্ধি পায়। যিসকলে নিজৰ ওজন নিয়ন্ত্ৰণত ৰাখিব বিচাৰে তেওঁলোকৰ বাবে এই ব্যায়াম অত্যন্ত উপযোগী। সাঁতুৰিলে ভৰিৰ পেশীৰ আঘাত আদি সমস্যাৰ পৰা উপশম পাব পাৰি।
চাইকেল চলালে কি কি লাভ হয়?
যদি শৰীৰৰ অতিৰিক্ত চর্বী কমাব বিচাৰিছে, তেন্তে চাইকেল চলোৱাৰ অভ্যাস কম । ইয়াৰ উপৰিও ভৰি, আঁঠু আৰু কঁকালৰ নমনীয়তা বজাই ৰখাতো এই ব্যায়াম উপকাৰী। সাঁতোৰ আৰু চাইকেল চলোৱা এই দুয়োটা ব্যায়ামেই শৰীৰৰ বাবে উপকাৰী। কিন্তু সাঁতোৰ একমাত্ৰ ব্যায়াম, যিয়ে তেজ সমগ্ৰ শৰীৰত চলাচল কৰাত সহায় কৰে। আকৌ, ওজন কমোৱাৰ ক্ষেত্ৰত সাঁতোৰৰ কোনো বিকল্প নাই। কাৰণ চাইকেল চলোৱাৰ ফলত শৰীৰৰ তলৰ অংশৰহে ব্যায়াম হয়। ভৰি, কঁকালৰ চৰ্বিহে আঁতৰি যায় ৷