ফল নিঃসন্দেহে শৰীৰৰ বাবে উপকাৰী। নিয়মীয়াকৈ ফল-মূল সেৱন কৰাটো চিকিৎসক আৰু পুষ্টিবিদ উভয়েই পৰামৰ্শ দিয়ে। কিন্তু খোৱাৰ আগতে বা খোৱাৰ পিছত কেতিয়া ফল খাব লাগে তাৰ নিয়ম আছে। কিছুমানৰ মতে ব্ৰেকফাষ্টত যদি ফলমূল খাব পাৰে তেন্তে ইয়াতকৈ ভাল একোৱেই নহয়। কিন্তু পুষ্টিবিদসকলে অন্য পৰামর্শ প্ৰদান কৰি আহিছে ৷ তেওঁলোকৰ মতে দিনটোৰ যিকোনো সময়তে ফল-মূল খাব পাৰি। সময়তকৈও গুৰুত্বপূৰ্ণ হ’ল ফল-মূল পৰিমিতভাৱে খোৱা, দিনটোত কমেও তিনিবাৰ নিয়মীয়াকৈ খোৱা। অৱশ্যে সকলোৰে শাৰীৰিক অৱস্থা একে নহয়। কিছুমান বিশেষ ক্ষেত্ৰত ফল খোৱাৰ সময়ো বেলেগ বেলেগ হয়। কোনে কেতিয়া ফল খাব লাগে তাৰ তালিকা ইয়াত দিয়া হ’ল।
ওজন কমাবলৈ
ফল-মূলত আঁহৰ পৰিমাণ বেছি হয়। ওজন কমাবলৈ চেষ্টা কৰাসকলৰ বাবে আঁহযুক্ত খাদ্য ইতিমধ্যে অতি ফলপ্ৰসূ। ইয়াৰ বাহিৰেও ফাইবাৰে পেটটো দীৰ্ঘসময় ধৰি ভৰপূৰ কৰি ৰখাত সহায় কৰে। সঘনাই ভোক বা খাদ্য খোৱাৰ প্ৰৱণতা কমি যায়। গতিকে খোৱাৰ আগতে ফল-মূল খালে পেট সোনকালে ভৰি পৰে। একেলগে বেছিকৈ খাদ্য খোৱাৰ কোনো বিপদ নাথাকে। কেলৰিও শৰীৰত কমকৈ প্ৰৱেশ কৰে।
ডায়েবেটিছ ৰোগী
ডায়েবেটিছ হ’লে সকলো ফল খাব নোৱাৰি। ফলমূলত চেনিৰ পৰিমাণ বেছি হোৱা বাবে ডায়েবেটিছ ৰোগীয়ে পৰিমিত পৰিমাণে ফল খাব লগা হয়। কিন্তু আন গধুৰ আহাৰ বা উচ্চ প্ৰটিনযুক্ত খাদ্যৰ লগত ফল-মূল খালে ক্ষুদ্ৰান্ত্ৰত চেনিৰ শোষণ লেহেমীয়া হয়। গতিকে তেজত চেনিৰ মাত্ৰা হঠাতে বাঢ়ি নাযায়।
গৰ্ভাৱস্থাৰ সময়ত
বহু ক্ষেত্ৰত হ’বলগীয়া মাতৃগৰাকীৰ গৰ্ভাৱস্থাত ডায়েবেটিছ ধৰা পৰে। চিকিৎসকৰ মতে হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে এনে হয়। যদি আপোনাৰ এই ধৰণৰ সমস্যা হয়, তেন্তে ৰাতিপুৱা ফলমূল বেছিকৈ খোৱাটো ভাল নহয়। খালী পেটত ফল-মূল খোৱাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা হঠাৎ বৃদ্ধি পাব পাৰে। গতিকে দুপৰীয়া গধুৰ খাদ্যৰ লগত এটা বা দুটা ফল খাব পাৰে ।