স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক সকলো লোকেই জানে যে তিঁয়হ স্বাস্থ্যৰ বাবে অতি উপকাৰী। বহুতো লোকে তিঁয়হ চালাড হিচাপে খোৱাৰ উপৰিও তৰকাৰীও ৰান্ধি খায়। কিন্তু বহুতো লোকে হয়তো নাজানে যে তিঁয়হ খোৱাৰ কিছুমান নিজস্ব নিয়ম আছে।
তিঁয়হ খোৱাৰ সময়ৰ বিষয়ে নাজানিলে তাত পৰা বহুত অপকাৰো হ’ব পাৰে। বিশেষকৈ তিঁয়হ খোৱাৰ পাচত লগে লগে পানী খোৱাটো শৰীৰৰ পক্ষে যথেষ্ট ক্ষতিকাৰক।আনহাতে সন্ধিয়া সময়ত যিকোনো কেঁচা খাদ্যই স্বাস্থ্যৰ বাবে উপকাৰী নহয়। গতিকে এইক্ষেত্ৰত তিঁয়হো এৰাই চলা উচিত।
উল্লেখ্য যে তিঁয়হৰ লগত বা তিঁয়হ খোৱাৰ লগে লগে যদি পানী খোৱা হয় তেন্তে শৰীৰৰ pH লেভেল কমি যায়।যাৰ ফলত পাকস্থলীত খাদ্য হজম কৰা এচিদে ভালকৈ খোৱা আহাৰ হজম কৰিব নোৱাৰে। গতিকে ই খাদ্যৰ পাচন প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।
আনহাতে তিঁয়হ স্বাস্থ্যৰ বাবে যিমানেই উপকাৰী , কিন্তু সঠিক সময়ত সঠিক ৰূপত ইয়াত খাব নাজানিলে শৰীৰৰ বাবে বহুত অপকাৰী হ’ব পাৰে। তিঁয়হ খোৱাৰ পাচত লগে লগে পানী খালে ডায়েৰীয়া আৰু শৌচ ঢিলা হোৱাৰ দৰে সমস্যাই দেখা দিব পাৰে।
এনেবোৰ কাৰণতে তিঁয়হ খোৱাৰ পাচত কেতিয়াও পানী খাব নালাগে।