চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই গ্ৰাহকৰ বাবে আগবঢ়াইছে বিশেষ সেৱা। গ্ৰাহকে কেৱল ৩৪২ টকা বিনিয়োগৰ জৰিয়তে ৪ লাখ টকা লাভ কৰাৰ লগতে লাভ কৰিব পাৰিব অতিৰিক্ত ২ লাখ টকা।
উল্লেখ্য যে বেংকৰ এই সুবিধাসমূহ জন ধন গ্ৰাহকৰ বাবে আগবঢ়োৱা হৈছে। চেন্ট্ৰেল বেংকে গ্ৰাহকক ৩ লাখ টকালৈ দুৰ্ঘটনা জনিত বীমাৰ ক্ষেত্ৰত সাহাৰ্য্য আগবঢ়াইছে।
প্ৰাপ্ত তথ্য মতে ৪ লাখ টকাৰ সুবিধা আদায় কৰিবলৈ হ’লে , কোনো গ্ৰাহকে চৰকাৰৰ দুখন আঁচনিৰ নামত বিনিয়োগ কৰিব লাগিব। এই আঁচনি দুখন হৈছে প্ৰধান মন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY) আৰু প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY)। এই যোজনাবোৰত বিনিয়োগ কৰিব লগীয়া টকাৰ পৰিমাণ অতি কম।
উল্লেখ্য যে প্ৰধান মন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ বাৰ্ষিক প্ৰিমিয়াম ৩৩০ টকা ।এই যোজনাৰ অধীনত গ্ৰাহকৰ বাবে জীৱন বীমা পোৱা যায়। আনহাতে বিনিয়োগ কৰা ব্যক্তিগৰাকীৰ যদি মৃত্যু ঘটে তেন্তে তেঁওৰ পৰিয়ালে ২ লাখ টকা লাভ কৰিব।
প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনাই গ্ৰাহকৰ বাবে কম প্ৰিমিয়ামত জীৱন বীমা আগবঢ়ায়। এই যোজনাৰ জৰিয়তে গ্ৰাহকে মাত্ৰ ১২ টকা বিনিয়োগ কৰি লাভ কৰিব পাৰে ২ লাখ টকাৰ ইন্সুৰেঞ্চ।
কেন্দ্ৰীয় চৰকাৰে অটল পেঞ্চন যোজনাৰ অধীনত গ্ৰাহকক মাহে ১০০০ টকাৰ পৰা ৫০০০ টকালৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ৪০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিয়ে এই যোজনাৰ বাবে আবেদন কৰিব পাৰিব।