তেঁতেলী গছ চিৰ সেউজীয়া এবিধ ডাঙৰ উদ্ভিদ। ফলৰ ওপৰৰ বাকলি কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে শুকান হয়। তেঁতেলীৰ সোৱাদ অতি টেঙা।
ইংৰাজী নামঃ Tamarind Tree
বৈজ্ঞানিক নামঃ Tamarindus Indica
তেঁতেলীৰ পৰা আমি উপকাৰ পাব পাৰোঁ-
১) পকা তেঁতেলী খালে ভোক বাঢ়ে আৰু পকা তেঁতেলী কফ আৰু বায়ুনাশক।
২) পকা তেঁতেলীৰ চৰবতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
৩) পকা তেঁতেলী গুড়ৰ লগত খালে ৰক্ত বৃদ্ধি হয়।
৪) পুৰণি পকা তেঁতেলীয়ে বাত ৰোগ নাশ কৰিব পাৰে।
৫) তেঁতেলীৰ পাত সিজোৱা পানীৰে কুলু কুলু কৰিলে মুখৰ ভিতৰৰ ঘাঁ ,পানীলগা আৰু অৰুচি নাইকিয়া কৰে।
৬) হাত-ভৰি মোচোকা খোৱাত তেঁতেলীৰ পাত গৰম কৰি বান্ধিলে যথেষ্ট আৰাম পোৱা যায়।
৭) পকা তেঁতেলীয়ে শৰীৰৰ অতিৰিক্ত চৰ্বি কমায় আৰু গাৰ ছাল নিমজ কৰাত সহায় কৰে
৮) তেঁতেলীয়ে শৌচ কঠিনতা দূৰ কৰে।
৯) পকা তেঁতেলীৰ চৰবতে কলেষ্টেৰল যথেষ্ট পৰিমাণে কমাব পাৰে।
১০) তেঁতেলীৰ বীজ বালিত ভাজি বহুমূত্ৰ ৰোগীয়ে খালে যথেষ্ট আৰাম পায়।