সুদীৰ্ঘ ৫৭ বছৰৰ পিছত অসমৰ ছাত্ৰী সকললৈ আহিল এটা সু-খবৰ।এতিয়াৰ পৰা কেৱল ল’ৰাৰ বাবেই নহয় ছোৱালীও দেশমাতৃক সেৱা কৰিবলৈ নামভৰ্তি কৰিব পাৰিব অসমৰ একমাত্ৰ সৈনিক স্কুলত।
১৯৬৪ চনত গোৱালপাৰাত প্ৰতিষ্ঠা হোৱা এই ঐতিহাসিক স্কুলখনত ল’ৰা সকলৰ বাবে শিক্ষাৰ ব্যৱস্থা আছিল যদিও শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে ছাত্ৰী অৰ্থাৎ ছোৱালীৰ নামভৰ্তি আৰম্ভ হ’ল।
প্ৰথম পদক্ষেপ হিচাপে ১০ গৰাকী ছাত্ৰীৰ নামভৰ্তি কৰি এক ইতিহাস ৰচিলে বিদ্যালয়খনে। পাঠদান আৰম্ভ হোৱা নাই যদিও ইতিমধ্যে ছাত্ৰী সকলৰ বাবে নিৰ্মাণ কৰা ছাত্ৰী নিৱাসটোৰ শুভ উদ্বোধন কাৰ্য সম্পন্ন হৈছে।আৰু এই ছাত্ৰী নিৱাসটো “চন্দ্ৰপ্ৰভা শইকীয়া“ নামেৰে নামাকৰণ কৰা হৈছে।
পূৰ্বতে অকল ল’ৰাৰ বাবে পঢ়িব পৰা ব্যৱস্থা থকা বিদ্যালয়খনত এতিয়াৰ পৰা ছোৱালীও পঢ়ি ল’ৰাৰ দৰে সমানেই দেশৰ বাবে সেৱা আগবঢ়াব পাৰিব।ইতিমধ্যে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ ১০ গৰাকী ছাত্ৰীয়ে নামভৰ্তি কৰিছে। এনেদৰে প্ৰতিবছৰে ১০ গৰাকী ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব এই সৈনিক স্কুলত।
উল্লেখযোগ্য যে এনে বহু ছোৱালী বা ছাত্ৰী আছিল যাৰ সপোন আছিল সৈনিক স্কুলত পঢ়ি দেশৰ সেৱাৰ বাবে কিবা এটা কৰাৰ।আৰু এনে বহু অভিভাৱকো আছিল যাৰ সপোন আছিল নিজৰ ছোৱালী জনীক সৈনিক স্কুলত নামভৰ্তি কৰা।
তেনেক্ষেত্ৰত অসমৰ একমাত্ৰ সৈনিক স্কুলখনৰ এনে পদক্ষেপক এতিয়া শলাগ লৈছে সকলোৱে।