বাহিৰৰ পৰা উভতি অহাৰ পিছত কোনোবাই যদি এগিলাচ নেমুৰ চৰবত যাচে মনটো ভাল লাগি যায় সকলোৰে । এই গ্ৰীষ্মকালত শক্তিশালী আৰু সুস্থ হৈ থাকিবলৈ নেমুৰ চৰবত সেৱন কৰাটো অতি উত্তম। কোনোবা হঠাতে ঘৰলৈ আহিলে সুস্বাদু খাদ্যৰ সলনি নেমুৰ ৰসৰ লগত ঠাণ্ডা পানী মিহলাই চৰবত বনালে আলহী সুখী হ’ব। কিন্তু নেমু ক্ৰয় কৰোতে বহু লোক দ্বিধাগ্ৰস্ত হয় ৷ বাহিৰৰ পৰা সতেজ যেন লাগিলেও ঘৰলৈ অনাৰ পিছত বহু নেমুৰ ৰস নোলায় ৷ ৰসেৰে ভৰপূৰ নেমু চিনাক্ত কৰিবলৈ কিছুমান কৌশল আছে।
১) নেমুৰ বাকলি মসৃণ হয় নে নহয় পৰীক্ষা কৰক। যদি মসৃণ নহয়, তেন্তে নোলোৱাই ভাল। কাৰণ অসমান বাকলি থকা নেমুৰ ৰস কম হয়। মসৃণ বাকলিৰ নেমু কিনিব।
২) ৰসৰ ওজনৰ বাবে নেমুৰ ওজন বেছি হব, সেয়া স্বাভাৱিক। গতিকে হাতত লৈ চাওক গধুৰ অনুভৱ হৈছে নেকি। যদি গধুৰ যেন লাগে, তেন্তে নেমু ক্ৰয় কৰক ৷সৰু, পাতল নেমুৰ ৰস কম হয়।
৩) নেমুৰ ওপৰত টিপিলেই শুকান নে ৰসাল সেইটো জানিব পাৰি। নেমুৰ ৰস থাকিলে কোমল হয়। কিন্তু শুকান নেমু যথেষ্ট কঠিন।