শীতকালত সাৱধানতা অৱলম্বন নকৰিলে শৰীৰত বিভিন্ন ৰোগৰ আশংকা বাঢ়ি যায় ৷ ইয়াৰ ভিতৰত শীর্ষত আছে নিউমোনিয়া ৷উপযুক্ত সুৰক্ষা অবিহনে শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৰে নিউমোনিয়া হ’ব পাৰে। এই ৰোগ প্ৰধানকৈ হাওঁফাওঁৰ সংক্ৰমণৰ ফলত হয়। হাওঁফাওঁত পানী জমা হ’লেও নিউমোনিয়া হ’ব পাৰে। এই ৰোগত যত্ন নল’লে গুৰুতৰ ৰূপ ল’বলৈ আৰম্ভ কৰে।
ঠাণ্ডাৰ ফলত বুকুত শ্লেষ্মা জমা হোৱাৰ বাবে এই ৰোগ বিয়পে। অৱশ্যে চৰ্দি হ’লে সকলোৰে নিউমোনিয়া নহ’বও পাৰে। বৰঞ্চ যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোক এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। নিউমোনিয়াৰ প্ৰাথমিক আৰু প্ৰথম লক্ষণ হ’ল অস্বাভাৱিক জ্বৰ। লগতে কাহ, বুকু আৰু মূৰত সামান্য বিষ। যদি আপুনি এই লক্ষণসমূহ দেখা পায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ হ’ল নিউমোনিয়াৰ পৰা নিজকে ৰক্ষা কৰা। তাৰ বাবে মানি চলিবলগীয়া কিছুমান নিয়ম আছে।
১) বিপদৰ পৰা হাত সাৰিবলৈ নিউমোনিয়াৰ ভেকচিন লব পাৰে। বয়স আৰু শাৰীৰিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি নিউমোনিয়াৰ টিকা দিয়া হয়। শিশুক নিউমোনিয়াৰ প্ৰতিষেধক প্ৰদান কৰাটো জৰুৰী। টিকাকৰণে নিউমোনিয়াৰ লগতে অন্যান্য ঋতুভিত্তিক সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে।
২)বাহিৰলৈ ওলাই যোৱাৰ পিছত হাত ধোৱাৰ অভ্যাস বজাই ৰাখিব। নিউমোনিয়া প্ৰতিৰোধৰ বাবে ইয়াতকৈ স্বাস্থ্যকৰ উপায় নাই। চৰ্দি হ’লে সঘনাই হাত ধুব লাগে। হাতত কোনো বীজাণু জমা হ’বলৈ নিদিব। হাত নোধোৱাকৈ মুখ, চকু, নাক স্পৰ্শ নকৰিব। খাদ্য খোৱাৰ আগতে চাবোনেৰে হাত ভালদৰে ধুব লাগে।
৩) যিসকলৰ ঠাণ্ডাৰ প্ৰৱণতা থাকে তেওঁলোকৰ বাবে শীতকালত সকলো সময়তে গৰম কাপোৰ পিন্ধিবলৈ চেষ্টা কৰক। কোনো ধৰণৰ ঠাণ্ডা নল’বলৈ যত্ন লওক। গৰম পানী খাব লাগে। ৰাতি বাহিৰলৈ ওলাই গ’লেও মূৰ আৰু কাণ মাফলাৰে ঢাকি ৰাখক।
৪) প্ৰচুৰ পৰিমাণে পানী খাব লাগে। যদি আপুনি নিজকে হাইড্ৰেটেড কৰি নাৰাখে তেন্তে যিকোনো ৰোগে আপোনাৰ শৰীৰত আক্ৰমণ কৰিব। দিনটোৰ ভিতৰত কমেও ৭-৮ গিলাচ পানী খাব লাগে। গৰম পানীও খাব পাৰে। ডিঙিৰ বিষৰ পৰা আপুনি দকাহ পাও ৷
৫)স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা উচিত । শীতকালত বজাৰত বহুতো সেউজীয়া শাক-পাচলি পোৱা যায়। আঁহ, ভিটামিন, কাৰ্বহাইড্ৰেটযুক্ত খাদ্যই শীতকালত অন্যান্য ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে।