” When you hear the word Cancer for the first time , you really get scared . Cancer . It’s like a death sentence. You become really unsure where your life will take you ” —- Yuvraj Singh. —
উত্তৰ পূবৰ বাবে এটা ভাল খবৰ ।উত্তৰ পূবৰ অন্যতম চিকিৎসা প্ৰতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়লৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ য়ুৱৰাজ সিঙে শিশুসকলৰ বাবে আগবঢ়াইছে ১০০ খন বিছনাযুক্ত আই চি ইউ। লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ ৫০খন আৰু চিলং মেডিকেললৈ আগবঢ়াব ৫০ খন বিছনাযুক্ত আই চি ইউ।
২০১১ চনত ক্ৰিকেট ৱৰ্ল্ড কাপত মেন অৱ দ্যা চিৰিজ পাই শীৰ্ষস্থান লাভ কৰা পিছতেই ভাৰতীয় ক্ৰিকেট দলৰ দুৰ্দান্ত বেটছমেন য়ুৱৰাজ সিং অসুস্থ হৈছিল। বহু অনুৰাগীক হতাশ কৰি তেওঁৰ শৰীৰত ধৰা পৰিছিল মৰাত্মক লাঞ্চ কেঞ্চাৰ।
প্ৰায় এটা বছৰ চিকিৎসাৰ অন্তত পুনৰ সুস্থ হৈ ক্ৰিকেট জগতলৈ ঘূৰি আহিছিল যদিও ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ক্ৰিকেটাৰজনে দুৰাৰোগ্য ৰোগত ভোগা ৰোগীসকলৰ বাবে কাম কৰি যোৱা তথা সাহস যোগাবলৈ আৰম্ভ কৰিলে “য়ুৱৰাজ সিং ফাঊণ্ডেশ্যন ” নামেৰে এটা সংস্থা।
যি ফাউণ্ডেশ্যনে দুৰাৰোগ্য ৰোগী সকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। য়ুৱৰাজ সিঙৰ এই ফাউণ্ডেশ্যনে এতিয়া উত্তৰ পূৱৰ বাবে আগবঢ়াইছে এই উপহাৰ।
জানিব পৰা মতে য়ুৱৰাজ সিঙৰ এই সংস্থা টোৱে ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে এক চুক্তিত বান্ধ খাইছে।
অসম চিকিৎসা মহাবিদ্যালয়ৰ পেডিয়েট্ৰিক কেঞ্চাৰ বিভাগৰ সহকাৰী ডা: জলি ৰাভাই জানিবলৈ দিয়া মতে ২০১৪ চনৰ পৰাই ডা: ৰাভাই য়ুৱৰাজৰ এই ফাঊণ্ডেশ্যনৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল আৰু অৱশেষত এই ফাউণ্ডেশ্যনে সন্মতি জনায় এই সহায় কৰিবলৈ আগবাঢ়ি আহিছে।
অৱশ্যে ডা: ৰাভাই এইকথাও জানিবলৈ দিয়ে যে ক’ভিডত আক্ৰান্ত পেডিয়েট্ৰিক ৰোগী সকলৰ বাবেহে এই আই চি ইউ যুক্ত বিছনা আগবঢ়োৱা হ’ব।