পদ্মশ্ৰী বঁটা লাভ কৰা ভাৰতৰ প্ৰথমজন ব্যক্তিয়ে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰে। মঞ্জামা যোগাটি নামৰ কৰ্ণাটকৰ জনপদ নামৰ নৃত্য একাডেমীৰ পৰিচালকজনে এই ভাৰতৰ অন্যতম সৰ্বোচ্চ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
তৃতীয় লিংগৰ ব্যক্তিৰ প্ৰতি এই সন্মানে সমাজলৈ এক শুভ বাৰ্তা কঢ়িয়াই আনিছে। বহু বছৰ ধৰি নিজৰ অধিকাৰৰ বাবে যুঁজি অহা তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে এয়া এক অনন্য সফলতা। কিছু দিনৰ পূৰ্বে তৃতীয় লিংগৰ ব্যক্তিৰ বাবে যিকোনো আবেদন পূৰণৰ ক্ষেত্ৰত নিজৰ লিংগৰ বিষয়ে উল্লেখ কৰিবলৈ অনুমতি দিছে।
ভাৰত চৰকাৰৰ দ্বাৰা এই পদক্ষেপ শলাগ ল’বলগীয়া। সমানতাৰ সমাজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মঞ্জামা যোগাটি এক উদাহৰণ হৈ ৰ’ব।