– নীতা চক্ৰৱৰ্তী
সমগ্ৰ জীৱন শিক্ষা জগতৰ লগত জড়িত থাকি এগৰাকী আদৰ্শ আৰু প্ৰতিভাশালী শিক্ষাবিদ হিচাপে সুখ্যাতিৰে নিজক প্ৰতিষ্ঠা কৰি থৈ যোৱা ইন্দিৰা মিৰিৰ জন্ম ১৯১০ চনত হৈছিল।
১৯৪৭ চনত স্বাধীন ভাৰতত , তেতিয়াৰ উঃ পূঃ সীমান্ত অঞ্চলত নতুন কৈ শিক্ষা বিভাগ আৰম্ভ কৰা হয়।এই বিভাগৰ শীৰ্ষ বিষয়া হিচাপে নিযুক্তি দিয়ে ইন্দিৰা মিৰিক। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিস্তাৰত আৰু পিছত আদৰ্শ শিক্ষক -শিক্ষয়িত্ৰী গঢ়ি তুলিবৰ কাৰণে অসম চৰকাৰে প্ৰথম যোৰহাটত আৰম্ভ কৰা স্নাতক শিক্ষণ মহাবিদ্যালয় গঢ়ি তোলাত মুখ্য ভূমিকা লব’লগীয়া হৈছিল। তাৎপৰ্যপূৰ্ণ কথা এয়ে যে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিস্তাৰ তেওঁ কৰিব লগীয়া হৈছিল –এতিয়াৰ অৰুণাচল (নেফা)আওহতীয়া আৰু দুৰ্গম ঠাই বোৰত।
ইন্দিৰা মিৰিয়ে স্কটলেণ্ডৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত বি এড পাঠ্যক্ৰম কৰি থাকোতে তেওঁ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়তো প্ৰশিক্ষণ লৈছিল। বিদেশত লোৱা শিক্ষা আৰু গৱেষণা তেওঁ আমাৰ দেশৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ সকলো সা-সুবিধা পোৱা নাছিল। তেওঁ নিজে নেফা অঞ্চলত শিক্ষা বিস্তাৰৰ কাৰণে আঁচনি তৈয়াৰ কৰাৰ উপৰিও প্ৰাৰম্ভিক সকলো কাম কৰিব লগীয়া হৈছিল। নগা পাহাৰৰ দৰে অৰুণাচলৰ জনসাধাৰনেও সংযোগী ভাষা হিচাপে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল। এটা জনগোষ্ঠীৰ দোৱান আন এটা জনগোষ্ঠীয়ে বুজিবৰ বাবে তেওঁ অসমীয়া ভাষা জনা শিক্ষক নিযুক্তি দিয়াৰ উদ্দেশ্যে শদিয়াত এটা শিক্ষক প্ৰশিক্ষণ অনুষ্ঠান গঢ়ি তুলিব লগা হৈছিল।
অৰুণাচলৰ জনসাধাৰণক উপযুক্ত শিক্ষাৰে গঢ়ি তুলি পৰ্বত -ভৈয়াম সম্প্ৰীতিৰ এনাজৰি ডাল দৃঢ় কৰিবলৈ তেওঁ মনপুতি কৰা প্ৰচেষ্ঠা বিফল হ’ল। ১৯৫৪ চনত কেন্দ্ৰীয় চৰকাৰে অৰুণাচলত দেৱনাগিৰি লিপি প্ৰচলন কৰি শিক্ষানুষ্ঠান সমূহত মাধ্যম হিচাপে হিন্দী ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। এনেকৈ কৌশলেৰে অসমীয়া ভাষাক অৰুণাচলৰ শিক্ষানুষ্ঠান সমূহৰ পৰা আতঁৰোৱা হ’ল। ইন্দিৰা মিৰিৰ মহৎ আৰু সৎ উদ্দেশ্যক এনেদৰেই ধূলিসাৎ কৰা হল। চাকৰি ইস্তফা দি তেওঁ তাৰ পৰা গুচি আহিল ।
অৰুণাচলৰ পৰা অহাৰ পিছত ১৯৫৭ চনত অসম চৰকাৰৰ শিক্ষা বিভাগে যোৰহাটত স্নাতকোত্তৰ শিক্ষা প্ৰশিক্ষণ মহাবিদ্যালয় আৰম্ভ কৰিবলৈ প্ৰস্তুতি লৈ ইন্দিৰা মিৰিক অধ্যক্ষা হিচাপে নিযুক্তি দিছিল। সেই সময়ত তেওঁ যোৰহাটত থকা ৰাজ্যিক শিক্ষা গৱেষণা কেন্দ্ৰৰ অধ্যক্ষাৰ দায়িত্বও বহন কৰিব লগীয়া হৈছিল। দুয়োখন শিক্ষা অনুষ্ঠানতে কৃতিত্বপূৰ্ণ সেৱা আগবঢ়াই ১৯৬৭–১৯৬৮ চনত অগা-পিচাকৈ অৱসৰ গ্ৰহণ কৰে।
গতিশীল , কৰ্মতৎপৰ , নিকা ভাবমূৰ্তিৰ ইন্দিৰা মিৰিক স্বাৱলম্বিতা , নিয়মানুবৰ্তিতা , নীতি- নিষ্ঠতা আদিয়েও স্বকীয় মৰ্যদা দিছিল।
মেৰেং —এই গ্ৰন্থৰ কাহিনীৰ নায়িকা ইন্দিৰা মিৰি যদিও ১৯১০ ৰ পৰা ১৯৫০ দশকৰ অসমীয়া সমাজৰ এক সামাজিক ইতিহাস দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। আজিৰ পৰা এশ বছৰ পূৰ্বলৈ ঘূৰি চালে অসমীয়া সমাজৰ যি দৃশ্য পট দেখিবলৈ পাওঁ , সেই দৃশ্য পটৰ মাজত সোণাধৰ সেনাপতি ,মহী চন্দ্ৰ মিৰি , ইন্দিৰা মিৰিৰ চৰিত্ৰ সমূহ সামাজিক উত্তৰণৰ স্ফুলিংগ সদৃশ্য বুলি ক’ব পাৰি। যি সময়ত কন্যা সন্তানক শিক্ষাৰ পৰা বঞ্চিত কৰি শিশু কালতে বিয়া দিয়াৰ প্ৰথা আছিল , সেই সময়তে সোণাধৰ সেনাপতিয়ে জীয়ৰী ইন্দিৰাক কলিকতাৰ স্কটিছ চাৰ্চ কলেজত পঢ়ুৱাই স্নাতক কৰিছিল।মিচিং নামে জনাজাত জনগোষ্ঠীৰ প্ৰথম বিজ্ঞান স্নাতক আৰু কাজিৰঙা অভয়াৰণ্যক বিশ্বৰ মান চিত্ৰত সন্মানেৰে বহুৱাবলৈ সক্ষম হোৱা প্ৰথমজন বন সঞ্চালক আছিল মহীচন্দ্ৰ মিৰি।
সেই সময়ৰ জাতি গঢ়াৰ সপোনৰে শিক্ষাৰ ৰণুৱা -বনুৱা সকল , যি সকল শিক্ষকে জানিছিল কেৱল জাতি-ধৰ্ম , জনগোষ্ঠী , অজনগোষ্ঠী নিৰ্বিশেষে শিক্ষাৰ পোহৰ বিলোৱাই ধৰ্ম আৰু কৰ্ম বুলি।
নেফা দুৰ্গম পাহাৰীয়া ঠাই , হাবি-বননিৰে ভৰা। শিক্ষা বিস্তাৰৰ কামত কেতিয়াবা ইন্দিৰা মিৰিয়ে ৯ /১০ মাইল পৰ্যন্ত পাহাৰৰ অকোৱা -পকোৱা বাটেদি খোজ কাঢ়ি যাব লগা হৈছিল।কেতিয়াবা বুট জোতা পিন্ধি ঘোঁৰাত উঠি হাবি-জংঘলৰ মাজেদি বিদ্যালয় পৰিদৰ্শণ কৰিবলৈ গৈছিল। মহিলায়ো যে এনে কঠিন কাম কৰিব পাৰে ইন্দিৰা মিৰিয়ে তেওঁৰ কাৰ্যৰে দেখুৱাই গ’ল।
মুঠতে ভাতৃত্ব বোধৰ ইতিহাস ৰচক সকল সোৱঁৰণিৰ ধূলিত মিহলি হৈ যাতে নাযায় , “মেৰেং” উপন্যাসখনত তাকেই প্ৰতিফলিত কৰা হৈছে।