শীতৰ শেষত বসন্ত দুৱাৰমুখত। আৰু বসন্ত মানে ভাইৰাছৰ সংক্ৰমণৰ আশংকা কেইবাগুণো বৃদ্ধি পায়। এই সময়ছোৱাত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে চজিনা খোৱাৰ পৰামর্শ প্ৰদান কৰে পুষ্টিবিদসকলে ৷চজিনা দাইল অথবা সৰিয়হেৰে চর্চৰি বনাই খোৱাৰ সকলোৰে অভ্যাস আছে ৷কিন্তু চজিনাৰ গুড়িৰ চাহ খাই পাইছেনে ? কি কি উপকাৰ হয় চজিনাৰ গুড়িৰ চাহ খালে ৷ এই চাহত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰোগৰ আশংকা হ্ৰাস কৰে।অনলাইন আৰু বজাৰত চজিনাৰ গুড়ি উপলব্ধ ৷ ১০০ গ্ৰাম চজিনা পাতৰ গুড়ি অনলাইনত ১০০ টকাৰ পৰা ১৫০ টকালৈকে উপলব্ধ।
চজিনাৰ গুড়িৰ চাহৰ বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিশেষ ক্ষমতা আছে। বিশেষকৈ চৰ্দিৰ বাবে বুকু আৰু ডিঙিৰ সংক্ৰমণ হ’লে এই চাহৰ দ্বাৰা উপকৃত হ’ব পাৰে। ইয়াৰ উপৰিও চজিনাৰনৰ পাততো বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে। ইয়াত ভিটামিন এ, বি১, বি২, বি৩ আৰু চি থাকে। কেলচিয়াম, আইৰণ, ফছফৰাছ, মেগনেছিয়াম আদিও আছে। জানি লওক, ৰঙা চাহ বা গ্ৰীণ টিৰ সলনি প্ৰতিদিনে পুৱা সাজোন চাহ বা মৰিংগা চাহৰ চুমুক দিলে শৰীৰৰ বাবে কি কি উপকাৰ হয়।
ৰক্তচাপ নিয়ন্ত্ৰণ: উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণত ৰাখিবলৈ পুষ্টিবিদসকলে পটাছিয়াম সমৃদ্ধ খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে। চজিনাৰ পাতত বহু পৰিমাণৰ পটাছিয়াম থাকে। নিয়মিতভাৱে এই চাহ চুমুক দিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব। এই চাহে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণতো সহায় কৰে।
কেন্সাৰ প্ৰতিৰোধী: বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে চজিনাৰ চাহৰ কৰ্কট ৰোগ প্ৰতিৰোধী গুণ আছে। এই চাহত পাকস্থলীৰ কৰ্কট ৰোগ, যকৃতৰ কৰ্কট ৰোগ আৰু স্তন কেন্সাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে।
যকৃতৰ যত্নঃ অস্বাস্থ্যকৰ জীৱনশৈলী, অধিক মদ্যপান, অনিয়মিত খাদ্যাভ্যাসৰ ফলত কম বয়সতে যকৃতৰ ৰোগ হয়। চজিনা পাতত ভাল পৰিমাণৰ পলিফিনল থাকে, যিয়ে যকৃতক যিকোনো ক্ষতিৰ পৰা ৰক্ষা কৰে।
বদহজম ৰোগ নিৰাময়ৰ বাবে: গোটেই বছৰটো গেছ-হাৰ্টবাৰ্ণত ভুগি থকা লোক কম নহয়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিদিনে ৰাতিপুৱা চজিনা চাহত চুমুক দিব পাৰে।
চকু সুস্থ কৰি ৰাখিবলৈ: বয়সৰ লগে লগে চকুৰ দৃষ্টিশক্তি কমি যায়, সকলো সময়তে মোবাইল বা লেপটপৰ স্ক্ৰীণ চোৱাৰ উপৰিও কম বয়সতে চকুত টান পৰে। চজিনাৰ পাতত ভিটামিন এৰ পৰিমাণ যথেষ্ট বেছি। চকু সুস্থ কৰি ৰাখিবলৈ নিয়মিতভাৱে এই চাহত চুমুক দিব পাৰে।