আগষ্ট মাহৰ প্ৰথম শুকুৰবাৰটো আন্তঃৰাষ্ট্ৰীয় বিয়েৰ দিৱস হিচাপে পালন কৰা হয় । গতিকে আজি আগষ্ট মাহৰ ৬ তাৰিখটো হৈছে আন্তঃৰাষ্ট্ৰীয় বিয়েৰ দিৱস। যিসকল লোকে সাধাৰণতে সুৰাপান কৰি ভাল পাই , তেনে লোকৰ বাবে গৰমৰ দিনকেইটা বিয়েৰ খোৱাৰ বাবে উপযুক্ত সময় । বিয়েৰৰ কিছুমান স্বাস্থ্যসন্মত উপকাৰিতা আছে ।
- স্বাস্থ্যৰ বাবে মাজে সময়ে সুৰাপান কৰাটো অপকাৰী নহয় । বিয়েৰ এই ক্ষেত্ৰত কিছু পৰিমাণে উপকাৰী । বহুতৰ মতে সুৰাপান কৰাটো স্বাস্থ্যৰ বাবে ভাল নহয়। সুৰাপানৰ পৰা বহুত ধৰণ ৰোগ হোৱাৰো আশংকা থাকে।কিন্তু এক গৱেষণাৰ দ্বাৰা গম পোৱা গৈছে যে যিসকল লোকে দৈনিক এক নিৰ্দিষ্ট পৰিমাণৰ পানীয় গ্ৰহণ কৰে তেনে লোক বহু দিনলৈ জীয়াই থাকে । যিকোনো বস্তুৰে অধিক মাত্ৰা সদায়েই বেয়া । গতিকে ইচ্ছা কৰিলে বিয়েৰ খোৱালোকসকলে দিনে খুব কম পৰিমাণে এই পানীয় গ্ৰহণ কৰিব পাৰে ।
- বিয়েৰ খোৱা লোকৰ হৃদযন্ত্ৰৰ ৰোগ বহু পৰিমাণে কম হয় । নিৰ্দিষ্ট পৰিমাণে বিয়েৰ খোৱা লোকৰ ক্ষেত্ৰত হৃদৰোগৰ আশংকা ২০%-৪০% লৈকে হ্ৰাস পায় ।
- আমোদজনক কথা যে নিয়মিত নিৰ্দিষ্ট পৰিমাণৰ বিয়েৰ খালে স্মৃতিশক্তি বৃদ্ধি পায় ।
- বিয়েৰে ছালৰ বিভিন্ন ধৰণৰ সংক্ৰমণ ৰোধ কৰাতো অৰিহণা যোগায় ।
- বিয়েৰত ছিলিকন, ভিটামিন বি , বায়’এক্টিভ পলিফেন’লছ থাকে, যিয়ে হাড় মজবুত কৰাত সহায় কৰে ।
- বিয়েৰত ফাইবাৰ আৰু লিপ’ প্ৰটিন পোৱা যায় । যাৰ বাবে পেট খোলোচা হোৱাত সহায়ক হয় ।
- আন হাৰ্ড ড্ৰিংকছৰ তুলনাত বিয়েৰৰ দ্বাৰা দিহাইড্ৰেছন অলপ কম হয় । কোনো পানীয় খোৱাৰ পাচত পিছদিনা বহু সময়লৈকে গা অৱসাদ লাগি থকা ভাব , বিয়েৰ খালে সিমান অনুভৱ কৰা নাযায়।
- আন পানীয়ৰ তুলনাত (ABV) ৰ ক্ষেত্ৰত বিয়েৰত ৪% ৰ পৰা ৬% হে এলকহল থাকে । আনহাতে ইয়াত কেলৰিৰ পৰিমাণো কম ।
- কোনো লোকৰ কিডনি ষ্টন হ’লে চিকিৎসকে কেতিয়াবা নিৰ্দিষ্ট পৰিমাণৰ বিয়েৰ খাবলৈও পৰামৰ্শ দিয়ে । ই ষ্টনটো গলোৱাৰ ক্ষেত্ৰত সহায় কৰে । তথাপিতো এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্তই জৰুৰী ।
- কিছুসংখ্যক লোকৰ মতে চুলি ধোৱাৰ সময়ত বিয়েৰ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। আজিকালি বজাৰতো বিভিন্ন প্ৰকাৰৰ বিয়েৰ চেম্পু উপলব্ধ ।