আন্তঃৰাষ্ট্ৰীয় কফি দিৱসত কফিক এবিধ জনপ্ৰিয় পানীয় হিচাপে প্ৰচাৰ কৰাৰ লগতে এই দিনটো সমগ্ৰ বিশ্বতে বিশেষ ভাৱে উদযাপন কৰা হয় ৷ প্ৰথমবাৰৰ বাবে ২০১৫চনৰ ১অক্টোবৰত আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় কফি সংগঠনৰ সন্মতি অনুসৰি মিলানত আৰম্ভ কৰা হৈছিল আন্তঃৰাষ্ট্ৰীয় কফি দিৱস ৷
কফি এনে এক পানীয় যাক পান কৰা সকলেহে ভালদৰে বুজি পাই যে কফি কেৱল এক পানীয় নহয়।কফিয়ে বহুলোকৰ মানসিক চাপ উপশম কৰে। ৰাতিপুৱা সোনকালে উঠাৰ পৰা ক্লান্তি আঁতৰ কৰালৈকে কফিয়ে বহু কাম কৰে। অৱশ্যে, কফিৰ পৰা আন বহুতো ব্যঞ্জনো প্ৰস্তুত কৰা হয়। যদি আপুনি এজন কফি প্ৰেমী তেন্তে আন্তঃৰাষ্ট্ৰীয় কফি দিৱসত এই কফিৰ ৰেচিপি চেষ্টা কৰি উদযাপন কৰিব পাৰে আজিৰ এই বিশেষ দিনটো।
ফ্ৰাপিক’ল্ড কফি-
কফিৰ পৰা তৈয়াৰ কৰা এবিধ জনপ্ৰিয় পানীয় হ’ল ফ্ৰাপিক’ল্ড কফি। যথেষ্ট ফেনেৰে তৈয়াৰ কৰা ই এক জনপ্ৰিয় ঠাণ্ডা পানীয় ৷
চকলেট কফি ট্ৰাফল-
চকলেট কফি ট্ৰাফল সুৰাপানৰ বাবে ব্যৱহাৰ কৰাৰ ওপৰিও ইয়াৰ পৰা বহুতো ব্যঞ্জন প্ৰস্তুত কৰা হয়। বহুলোকে বিশেষকৈ চকলেটৰ সৈতে কফিৰ সংমিশ্ৰণ ভাল পায়। চকলেট ট্ৰাফল কেকৰ কফি ফ্লেভাৰে চকলেটৰ অতিৰিক্ত মিঠা সোৱাদ সন্তুলিত কৰে। যাক কফি প্ৰেমীসকলে সদায় ভাল পায়৷
ডালগনা কফি-
ডালগনা কফি লকডাউনৰ সময়ছোৱাত প্ৰচুৰভাৱে প্ৰচলিত হৈছিল। সেই সময়ছোৱাত ডালগনা কফি তৈয়াৰ কৰাৰ চেষ্টা নকৰা লোক হয়তো কমেই ওলাব ৷
ফিল্টাৰ কফি-
কফিৰ সকলো ৰেচিপি একাপ গৰম কফি অবিহনে অসম্পূৰ্ণ।এই গৰম ফিল্টাৰ কফিৰ সোৱাদ কফি প্ৰেমীসকলৰ মাজতো অতি জনপ্ৰিয়। গতিকে আন্তৰ্জাতিক কফি দিৱস উপলক্ষে আপোনালোকেও তৈয়াৰ কৰিব পাৰে এই ফিল্টাৰ কফি আৰু ঘৰতেই উদযাপন কৰিব পাৰে আজি সমগ্ৰ বিশ্বই উদযাপন কৰা এই আন্তঃৰাষ্ট্ৰীয় কফি দিৱস ।