ক’ৰনা মহামাৰীৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে বিগত বৰ্ষৰ ২৩ মাৰ্চতে আন্তৰ্জাতিক বিমান সেৱা বন্ধ কৰিছিল। চৰকাৰী ঘোষণা অনুসৰি ৩১ আগষ্টলৈকে এই সেৱা নিষিদ্ধ আছিল যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিষেধাজ্ঞা ৩০ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ হৈ অসামৰিক বিমান সঞ্চালকালয় প্ৰধান (ডি জি চি এ)ৰ ফালৰ পৰা এই কথা প্ৰকাশ কৰা হয়। অৱশ্যে আন্তৰ্জাতিক কাৰ্গো বিমান আৰু বিশেষভাৱে অনুমোদিত বিমান চলাচলত অনুমতি প্ৰদান কৰা হৈছে।
ক’ৰনা মহামাৰীৰ ভয়াবহ সংক্ৰমণৰ পৰা দেশখনক বচোৱাৰ স্বাৰ্থতে এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰা হৈছে। লক্ষণীয় ভাৱে তৃতীয় ঢৌৰ আশংকা কৰি থকাৰ সময়তে দেশত নতুনকৈ ৪৫,০৮৩ জন লোক আক্ৰান্ত হোৱাৰ লগতে ৪৬০ গৰাকীৰ মৃত্যু হৈছে।
নিষেধাজ্ঞাৰ মাজতে বিগত বৰ্ষৰ পৰা লকডাউনৰ বাবে বিদেশত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক ঘূৰাই অনাৰ স্বাৰ্থত “বন্দে ভাৰত মিছন” নামৰ এক আঁচনি গ্ৰহণ কৰা হয়।