বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰত কিছু প্ৰভাৱ পৰা দেখা যায়। বিশেষকৈ মহিলা সকলৰ বয়স বঢ়াৰ লগে লগে হাড়ৰ ক্ষয় আৰম্ভ হয়। হাড় শক্তিশালী কৰাৰ কথা আহিলেই কেলছিয়াম যুক্ত খাদ্য খোৱাৰ কথা উথ্বাপিত হয়। অকল কেলছিয়াম খাই হাড়ৰ ক্ষয় ৰোধ কৰা সম্ভৱ নহয়। হাড় শক্তিশালী কৰি ৰাখিবলৈ কেলছিয়ামৰ উপৰিও আন পুষ্টিকৰ উপাদানৰো প্ৰয়োজন । জানো আহকচোন এই উপাদান বোৰৰ বিষয়ে–
১) ভিটামিন কে’ :-
হাড় মজবুত কৰি ৰাখিবলৈ হ’লে অত্যন্ত প্ৰয়োজন ভিটামিন কে’। হাড়ত কিমানখিনি কেলছিয়াম থাকিব সেইটো নিৰ্ভৰ কৰে ভিটামিন কে’ৰ ওপৰত। ব্ৰকোলি , পালেংশাক , লেটেকু , বান্ধাকবি আদিত ভিটামিন কে’ থাকে। গতিকে প্ৰতিসাজত এই খাদ্যবোৰ খাদ্য তালিকাত ৰখা উচিত।
২) ভিটামিন ডি’ :-
ডি’ ড়িটামিন হাড়ৰ কাৰণে অতি প্ৰয়োজন। শৰীৰৰ কেলছিয়াম শোষণ কৰাত ডি’ ভিটামিনে সহায় কৰে। ভিটামিন ডি’ নাথাকিলে খাদ্যৰ পৰা কেলছিয়াম শোষণ কৰিব নোৱাঁৰে শৰীৰে। ভিটামিন ডি’ আহে সূৰ্যৰ পোহৰৰ পৰা। গতিকে ৰদৰ তাপত অলপ সময় হ’লেও থাকি ডি’ ভিটামিন আহোৰণ কৰা উচিত। ছয়াবিন , পালেং শাক , সাগৰীও মাছৰ পৰাও ডি’ ভিটামিন পোৱা যায়।
৩) প্ৰোটিন :-
পেশীক শক্তিশালী কৰি শৰীৰক সুগঠিত কৰে প্ৰোটিনে। গতিকে পৰ্যাপ্ত পৰিমাণে প্ৰোটিন শৰীৰৰ বাবে প্ৰয়োজন। প্ৰোটিন খালে হাড় ভঙাৰ আশংকা কমে । প্ৰোটিন মাংসপেশীক সুগঠিত কৰে আৰু হাড়ক সুৰক্ষিত কৰি ৰাখে। মাছ-মাংসত প্ৰোটিন পোৱা যায়। ইয়াৰ উপৰিও মটৰমাহ , কণী আৰু গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্যই প্ৰোটিনৰ অভাৱ দূৰ কৰে।
৪) মেগনেছিয়াম :-
হাড়ৰ মাজৰ গ্ৰন্থিবোৰত মেগনেছিয়াম থাকে। অষ্টিওপৰোচিছৰ দৰে ৰোগৰ সম্ভাৱনাও কমায় মেগনেছিয়ামে। নানা ধৰণৰ ড্ৰাইফ্ৰুটছ , আলমণ্ড , বাদাম আৰু মাহ জাতীয় শষ্যৰ পৰা মেগনেছিয়াম পোৱা যায়।
৫) ভিটামিন চি’ :-
হাড়ৰ বৃদ্ধিৰ কাৰণে ভিটামিন চি’ অতি দৰকাৰী। ভিটামিন চি’ত থাকে এণ্টি অক্সিডেণ্ট। এণ্টি অক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও হাড়ৰ ৰোগও প্ৰতিৰোধ কৰিব পাৰে। শীতকালত সুমথিৰা আৰু মৌচম্বী ত প্ৰচুৰ পৰিমাণে ভিটামিন চি’ পোৱা যায়।