সাধাৰণতে নিৰামিষ ৰন্ধনত নহৰু ব্যৱহাৰ কৰা নহয়। কিন্তু আমিষ ৰন্ধনত আদা আৰু নহৰু দুয়োটাই দিয়া হয়। আদা-নহৰুৰ সংমিশ্ৰণে ৰন্ধা-বঢ়াৰ সোৱাদ বৃদ্ধি কৰে ৷ অৱশ্যে আয়ুৰ্বেদত আদা আৰু নহৰু দুয়োটা মছলাৰ গুৰুত্ব সমান। বহুতে ভাবে যে আদা আৰু নহৰু একেলগে খাব নালাগে বা ইয়াৰ ঔষধি গুণ হেৰাই যায়। এনে ধাৰণা যুক্তিসংগত নেকি?
আদা:
নিৰামিষ হওক বা আমিষ, প্ৰায় সকলো খাদ্যতে আদা যোগ কৰা হয়। ই ৰন্ধা-বঢ়াৰ সোৱাদ বৃদ্ধি কৰে। ইয়াৰ বাহিৰেও আদাৰ ঔষধি গুণ কম নহয়। আদাত ‘জিঞ্জৰল’ নামৰ এবিধ পদাৰ্থ থাকে। যিটো এন্টিঅক্সিডেন্ট আৰু এন্টি ইনফ্লেমেটৰী। ‘জাৰ্নেল অৱ অলটাৰনেটিভ এণ্ড কম্প্লিমেণ্টৰী মেডিচিন’ত প্ৰকাশিত এক গৱেষণা পত্ৰত কোৱা হৈছে যে শৰীৰৰ যিকোনো ঠাইত বিশেষকৈ পেশীৰ আঘাত ভাল কৰাত আদাই অতি উত্তম কাম কৰে। আন এক গৱেষণাৰ মতে, টাইপ ২ ডায়েবেটিছ নিয়ন্ত্ৰণত আদাইও উল্লেখযোগ্য ভূমিকা পালন কৰে।
নহৰু:
আমিষ ৰন্ধনত নহৰুৰ ব্যৱহাৰ অতি সাধাৰণ। হালধিত ‘এলিচিন’ থাকে। এই ‘এলিচিন’ এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল আৰু এন্টিফাংগেল। নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও ৰক্তচাপ আৰু ‘বেয়া’ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। “জাৰ্নেল অৱ ইমিউন’লজি ৰিচাৰ্চ”ৰ মতে নহৰু খালে শৰীৰৰ ইমিউন কোষৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ঠিক আদাৰ দৰে এই মছলাৰ সংমিশ্ৰণেও তেজত থকা ‘বেয়া’ কলেষ্টেৰল আতৰোৱাত ফলপ্ৰসূ।
আদা আৰু নহৰু একেলগে মিহলি কৰিলে শৰীৰত বিপৰীত প্ৰতিক্ৰিয়া হ’ব পাৰে বুলি বহুতে ভাবে। এই ধাৰণাটো একেবাৰেই যুক্তিসংগত নহয়। পুষ্টিবিদসকলৰ মতে বৰঞ্চ আদা নহৰুৰ মিশ্ৰনে পুষ্টিগুণ বৃদ্ধি কৰে। ‘জাৰ্নেল অৱ এগ্ৰিকালচাৰেল এণ্ড ফুড কেমিষ্ট্ৰী’ত প্ৰকাশিত এক গৱেষণা পত্ৰত কোৱা হৈছে যে এই দুটা উপাদানত থকা এন্টিঅক্সিডেন্ট একেলগে মিহলি হ’লে শৰীৰত ইয়াৰ প্ৰভাৱ বাঢ়ি যায়।