ৰন্ধা-বঢ়াত জলকীয়া এক অপৰিহাৰ্য উপাদান। জলা কম খোৱা লোকসকলেও ৰন্ধনত অন্ততঃ এটা হ’লেও গোটা সেউজীয়া জলকীয়া ব্যৱহাৰ কৰে ৷ ৰন্ধা সময়ত জলকীয়া নাথাকিলে যথেষ্ট সমস্যা হয়। বহুতৰ অভ্যাস আছে এবাৰতে যথেষ্ট পৰিমানে জলকীয়া ক্ৰয় কৰে ৷ কিন্তু জলকীয়া বহুদিন ৰাখিলে নষ্ট হৈ যায় । বিশেষকৈ বাৰিষাত এই সমস্যা বেছিকৈ দেখা যায়। কিন্তু দুই এটা উপায় জানিলে জলকীয়া বহুদিনলৈ মজুত কৰিব পাৰি।
১) বাহিৰৰ পৰা বতাহ সোমাব নোৱাৰা পাত্ৰত জলকীয়া ৰাখিব লাগে। ই জলকীয়াবোৰ বহুদিনলৈ সতেজ কৰি ৰাখিব।
২) জলকীয়াৰ ঠাৰি ফালি পেলাওক। তেনেহ’লে জলকীয়া সহজে পচি নাযায়। ঠাৰিসহ ৰাখিলে জলকীয়া পচি যোৱাৰ আশংকা বেছি।
৩) এলুমিনিয়াম ফয়েলত বহু বস্তু ভালে থাকে ৷ জলকীয়া বেছি দিন ভালকৈ ৰাখিবলৈ এলুমিনিয়াম ফয়েলত মেৰিয়াই ৰাখিব পাৰে ৷
৪) ভুলতেও পলিথিনৰ বেগত জলকীয়া নাৰাখিব ৷ পলিথিনৰ বেগত ৰাখিলে সহজে জলকীয়া পচি যাব পাৰে ৷