মৃত্যু এক চিৰন্তন সত্য। মৃত্যুক জয় কৰিব নোৱাৰি।সাধাৰণতে সকলো দোষৰ মাফ মৃত্যু । তথাপি মৃত্যু হোৱা জনক লৈ কৰা সমালোচনা কিমান যুক্তিসন্মত ? তেনে এক চৰ্চাই এতিয়া ঠাই লৈছে অসমৰ একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত।
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মৰিঢল মহাবিদ্যালয়ৰ মেধাবী ছাত্ৰী নন্দিতা শইকীয়াই।বুধবাৰে দুপৰীয়া ১.১৫ বজাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে এই দুৰ্ভগীয়া ছাত্ৰী গৰাকীয়ে।
দৰিদ্ৰ পৰিয়ালৰ এই ছাত্ৰী গৰাকীক ২১ আগষ্টৰ দিনা মৰিঢল মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰিন্টু শৰ্মাই অতি নিৰ্মম ভাৱে দাৰে মূৰত ঘপিয়াই আক্ৰমণ কৰিছিল।অতি সংকটজনক অৱস্থাত ছাত্ৰী গৰাকীক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল যদিও চাৰি দিন আই চি ইউ ত থকা ছাত্ৰী গৰাকীয়ে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে।
চিকিৎসালয়ত থকা দিন ধৰি ছাত্ৰী গৰাকীক লৈ বিভিন্ন সংবাদ মাধ্যম তথা চ’ছিয়েল মিডিয়াত হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবীত আৰু ছাত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰা দেখা গৈছিল।
যদিও অজস্ৰ জনৰ প্ৰাৰ্থানাও নন্দিতাক ঘূৰাই আনিব নোৱাৰিলে।একেদৰে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলকে ধৰি বিভিন্ন জনে ছাত্ৰী গৰাকীৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহি ফাঁচিৰ দাবী তুলিলে।
বিপৰীতে অন্য এচাম মানুহে এই মৃত্যুক এতিয়া অন্য ৰূপ দিবলৈ চেষ্টা কৰা দেখা গৈছে।বিশেষকৈ চ’ছিয়েল মিডিয়া আৰু বহু কেইটা সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যে ৰিন্টু শৰ্মা নামৰ এই যুৱক জনৰ লগত নন্দিতাৰ প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেমত প্ৰতাৰণা কৰা বাবেহে ৰিন্টুয়ে নন্দিতাক হত্যা কৰিলে।
চ’ছিয়েল মিডিয়া বা কিছু সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি অতিকে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী নন্দিতাক বিভিন্ন সময়ত ৰিন্টুয়ে সহায় কৰি আহিছিল বা ম’বাইল ফ’নকে ধৰি বিভিন্ন সামগ্ৰীও প্ৰদান কৰিছিল।
এতিয়া প্ৰশ্ন উঠিছে প্ৰেমৰ সম্পৰ্ক থাকিলেও প্ৰেমৰ শেষ পৰিনাম কেতিয়াও মৃত্যু হ’ব নোৱাৰে।মৃত্যু ৰ দৰে চৰম অপৰাধ সকলো অসৎ কৰ্মৰ উৰ্ধত।তেনেক্ষেত্ৰত এই মৃত্যুক লৈ চলা সমালোচনা কিমান যুক্তিসন্মত?
এচাম সচেতন লোকৰ ভাষ্য যে এনে ধৰনৰ আলোচনা- সমালোচনাই অপৰাধীক শাস্তি প্ৰাপ্তিত বাধা দিব।মৃত্যুৰ দৰে অপৰাধে কেতিয়াও সমাজ সুন্দৰ নকৰে।বৰঞ্চ ই সমাজ কলুষিত কৰাত প্ৰেৰণা যোগাব।