মানসিক চাপ কম -বেছি পৰিমানে সকলোৰে থাকে।কিছুমান ৰোগৰ উৎস হ’ল মানসিক চাপ। মানসিক চাপে সৌন্দৰ্য ম্লান কৰে। মানসিক চাপ কমাই সৌন্দৰ্য অটুত ৰখাৰ আছে কিছুমান সহজ উপায়।
১) ধ্যান , শাৰীৰিক পৰিশ্ৰমত ব্যস্ত আৰু সুষম আহাৰ গ্ৰহণ কৰাৰ অভ্যাস কৰিব লাগে।
২) সৎ চিন্তা , সৎ সংগ , সৎ কথা , সৎ কৰ্ম , সৎ গ্ৰন্থ , সৎ বস্তু দৰ্শনত গুৰুত্ব দিব লাগে ।
৩) যি পোৱা যায় , তাক ভগৱানৰ দান বুলি পৰম সন্তোষ লভিব লাগে। বিচৰা আৰু পোৱাৰ ব্যৱধান হৃাস কৰিব লাগে।
৪) অপ্ৰয়োজনীয় কথা ক’ব আৰু অপ্ৰয়োজনীয় চিন্তা কৰিব নালাগে।
৫) অদৰকাৰী কথাৰ খুটিনাটি জানিবলৈ ইচ্ছা কৰিব নালাগে।
৬) যি কোনো পৰিস্থিতি চম্ভালিবলৈ মানসিক পৰিস্থিতি থাকিব লাগে।
৭) খং দমন কৰিব লাগে আৰু উত্তেজিত হব নালাগে ।
৮) সুখ আৰু দুখ দুয়োটাকে গ্ৰহণ কৰিবলৈ সদায় সাজু থাকিব লাগে।
৯) সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে।
১০) প্ৰয়োজন অনুসৰি সুষম আহাৰ গ্ৰহণ , শাৰীৰিক পৰিশ্ৰম কৰিব লাগে আৰু আৱশ্যক অনুযায়ী জিৰণি লোৱা উচিত।