লোক-পাচলি বেঙেনা প্ৰায় সকলো ঋতুতেই উৎপাদন হোৱা পাচলি। শৰৎ কালৰপৰা শীতকাল , বসন্তকালৰ পৰা গ্ৰীষ্মকাল তথা গ্ৰীষ্মকালৰ পৰা বৰ্ষালৈ বছৰৰ বাৰমাহে উপলব্ধ বেঙেনা সকলো পাচলিৰ ভিতৰত অন্যতম। অসমৰ মাটি আৰু জলবায়ুত বিভিন্ন প্ৰজাতিৰ বেঙেনা উৎপাদন হয়।
বেঙেনা পুৰি তেল – নিমখ , পিঁয়াজ- জলকীয়াৰে পিটিকা বনাই খাবলৈ বহুত সোৱাদ হয়। ইয়াৰ বাহিৰেও বেঙেনাৰ তৰকাৰী বা খাৰ বনাই তাত মাছ -পুঠি দি জুতি লগাই খোৱা হয়। বেঙেনা সৰু সৰুকৈ কাটি আলু – পিঁয়াজৰ সৈতে ভাজি বনাই ৰুটি বা ভাতৰ সৈতেও খোৱা হয়। কেতিয়াবা চকল চকলকৈ কাটি বেচন লগাই তেলত ভাজি খাবলৈও বহুত ভাল লাগে।
বেঙেনাত ভিটামিন এ আৰু বি প্ৰচুৰ পৰিমানে থাকে।ইয়াৰ বাহিৰেও বেঙেনাত আছে প্ৰ’টিন আৰু চৰ্বি। বাত ৰোগ দূৰীকৰণ , বায়ু নাশ আৰু তেজ বৃদ্ধিত লোক – পাচলি বেঙেনাই যথেষ্ট সহায় কৰে। প্ৰস্ৰাৱ খোলোচা হোৱাতো বেঙেনাৰ তৰকাৰীয়ে ভাল কাম কৰে। বেঙেনাৰ পোৰা – পিটিকা খোৱাৰ ফলত শৰীৰৰ মেদ বহুলতা কমি যায়।
বেঙেনাত প্ৰ’টিন , কেলছিয়াম , আইৰণ , পটাছিয়াম , শৰ্কৰা থকাৰ উপৰিও ভিটামিন পোৱা যায়।
বছৰৰ বাৰমাহে সহজতে পোৱা বেঙেনা আমি নিয়মিত ভাৱে খোৱাৰ অভ্যাস কৰিলে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰিম।