চাহ, কফি খাওঁতে ভুলবশতঃ কাপোৰত লাগি গ’লে ডাঠ দাগৰ সৃষ্তি হয় । বগা বা পাতল ৰঙৰ কাপোৰৰ দাগ আঁতৰোৱাটো অধিক কঠিন হৈ পৰে। ৰন্ধা সময়তো হালধিৰ দাগ লাগে কাপোৰত ৷ কাপোৰৰ পৰা সেই দাগবোৰ আঁতৰাবলৈ কেৱল চাবোন বা ডিটাৰজেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি। বৰঞ্চ ঘৰুৱা কিছুমান কৌশল জানিলে এনে দাগ আঁতৰোৱাটো সহজ।
১) বেকিং চোডা
তিনি চামুচ বেকিং চোডা পানীৰ লগত মিহলাই লওক। ডাঠ মিশ্ৰণটো দাগৰ সৃষ্টি হোৱা ঠাইত লগাওক ৷ এঘণ্টা ৰখাৰ পিছত কাপোৰ ভালদৰে ধুই দিয়ক ৷
২) ভিনেগাৰ
আধা কাপ পানীত অলপ ভিনেগাৰ দিব। এইবাৰ মিশ্ৰণটো দাগ লগা ঠাইত লগাব। ভিনেগাৰৰ এচিডৰ দাগ শোষণ কৰাৰ ক্ষমতা প্ৰবল। ইয়াৰ পিছত কাপোৰবোৰ নৰ্মেল ডিটাৰজেন্টত ধুব।
৩) নিমখ
একাপ পানীত ২ চামুচ নিমখ আৰু নেমুৰ ৰস মিহলাই লওক। চাহ-কফিৰ দাগ পৰা অংশটো এই দ্ৰৱত কিছু সময় তিয়াই থওক। দহ মিনিটৰ পিছত সাধাৰণভাৱে ধুই দিয়ক ৷ দাগটো সহজে নোহোৱা হ’ব ৷
৪) টুথপেষ্ট
কাপোৰৰ দাগ পৰা অংশত সামান্য পৰিমাণৰ টুথপেষ্ট লগাব পাৰে। পাঁচ মিনিটৰ পিছত পৰিষ্কাৰ ব্ৰাছেৰে সেই ঠাইখিনি ঘহি দিব ৷ পাঁচ মিনিট ৰাখি তাৰ পিছত কাপোৰবোৰ চাবোনেৰে ধুব। যিকোনো দাগ সহজেই নোহোৱা হ’ব। এই ক্ষেত্ৰত বগা বা পাতল ৰঙৰ টুথপেষ্ট ব্যৱহাৰ কৰাটো ভাল।
৫)নেমুৰ ৰস
যদি শস্য বা ফলৰ ৰসৰ দাগ কাপোৰৰ ওপৰত পৰে, তেন্তে ইয়াক আঁতৰোৱাৰ একমাত্ৰ উপায় হ’ল নেমুৰ ৰস। দাগ লগা অংশত নেমুৰ ৰস লগাব আৰু তাৰ পিছত চাবোনেৰে ধুব। কাপোৰ পৰিস্কাৰ হৈ পৰিব ৷