অতি পুষ্টিকৰ লোক-পাচলি হিচাপে ভাত কেৰেলা চিৰপ্ৰসিদ্ধ। মূলৰ পৰা গছ হোৱা লতাজাতীয় গছৰ ফল ভাত কেৰেলা প্ৰধানভাৱে গ্ৰীষ্ম কালত হোৱা পাচলি। ফাগুন-চত মাহত উপলব্ধ এই পাচলিবিধ শৰৎকাল পৰ্যন্ত থাকে।
ৰোগীৰ পথ্যমূলক পাচলি বা চবজী হিচাপে ভাত কেৰেলা সকলোৰে প্ৰিয় লোক -পাচলি। সাধাৰণতে অতি সহজতে উপলব্ধ ভাত কেৰেলা অতি পুষ্টিকৰ পাচলি। এই পাচলিবিধত আছে প্ৰচুৰ ভিটামিন তথা শৰীৰৰ বাবে প্ৰয়োজনীয় কেলচিয়াম , মেগনেচিয়াম , পটাচিয়াম আদি। সিদ্ধ কৰি , ভাজি বা তৰকাৰী কৰি ভাতৰ সৈতে এইবিধ পাচলি গ্ৰহণ কৰা হয়। কফ , জ্বৰ , কৃমি আদি নিৰাময়ত ভাত কেৰেলাই সুন্দৰ ভূমিকা গ্ৰহণ কৰে। তাৰোপৰি ভাত কেৰেলাই পিত্তৰোগ , অৰ্শ , কুষ্ঠ ৰোগতো উপকাৰ সাধন কৰে। জণ্ডিছ ৰোগী সকলেও ভাত কেৰেলা পথ্য হিচাপে গ্ৰহণ কৰিব পাৰে।
লোক-পাচলি ভাত কেৰেলাত প্ৰ’টিন , খনিজ পদাৰ্থ , কেলছিয়াম , ফছফৰাছ , আইৰণ আদি থকাৰ উপৰিও ভিটামিন এ , ভিটামিন বি আৰু ভিটামিন চি প্ৰচুৰ পৰিমানে থাকে। গতিকে সহজতে পোৱা বতৰৰ পাচলি প্ৰচুৰ পৰিমানে খাওঁক আৰু নিৰোগী হৈ থাকক।