চলিত বৰ্ষৰ জে ই ই ৰ এডভান্সডৰ পৰীক্ষা অহা ৩ অক্টোবৰত অনুষ্ঠিত হ’ব।আই আই টি খড়গপুৰক দায়িত্ব অৰ্পণ কৰা এই পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন তথা প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া অহা ১১ ছেপ্টেম্বৰৰ পৰা পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব আৰু ১৬ ছেপ্টেম্বৰৰ বিয়লি ৫ বজাত অন্ত পৰিব।লগতে ১৭ ছেপ্টেম্বৰৰ বিয়লি ৫ বজালৈকে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ মাচুল দিব পাৰিব।
এইবাৰৰ পৰীক্ষা দুটা ক্ষেপত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ প্ৰথম ক্ষেপ আৰু বিয়লি ২.৩০ বজাৰ পৰা ৫.৩০ বজালৈ দ্বিতীয় ক্ষেপৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
উল্লেখ যোগ্য যে এই পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে দেশৰ ২৩ খন আই আই টিত অভিযান্ত্ৰিক,বিজ্ঞান, স্থাপত্য বিদ্যা বিষয়ৰ স্নাতক মহলৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব।
অন্যহাতে জে ই ই মেইনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলৰ উত্তীৰ্ণ হোৱা ২.৫ লাখ পৰীক্ষাৰ্থীয়ে জে ই ই এডভান্সডত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিব।ইফালে ক’ভিডৰ বাবে এইবাৰ জে ই ই এডভান্সড বিদেশত অনুষ্ঠিত নহয় বুলি চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে।
যদিও বিদেশৰ ছাত্ৰ-ছাত্ৰীয়ে ক’ভিড বিধি মানি ভাৰতৰ যিকোনো কেন্দ্ৰত আহি পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে যাৱতীয় তথ্য-পাতিৰ বিষয়ে জানিবলৈ jeeadv.ac.in ৱেবছাইটৰ সহায় ল’ব পাৰিব।
উল্লেখ যোগ্য যে যোৱা বৰ্ষত এই পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰা আৰু দুয়োখন কাকতৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীয়েও এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।
শেহতীয়াকৈ জে ই ই মেইনৰ চতুৰ্থ ক্ষেপৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে আৰু এডভান্সডৰ প্ৰ-পত্ৰৰ দিন ঘোষণা কৰা হৈছে।ইফালে জে ই ই মেইনৰ চতুৰ্থ ক্ষেপৰ পৰীক্ষাৰ ফলাফল চলিত সপ্তাহত ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু ফলাফল ঘোষণাৰ পিছতেই এই জে ই ই এডভান্সডত অৱতীৰ্ণ হ’ব খোজা লাখ লাখ শিক্ষাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব।