আঠুৰ বিষ আজিকালি প্ৰায়ভাগ লোকৰে হোৱা দেখা যায়। বিভিন্ন কাৰণত হোৱা আঠুৰ বিষে যথেষ্ট কষ্ট দিয়ে। আঠুৰ বিষৰ পৰা পৰিত্ৰান পাবলৈ কিছুমান অভ্যাস বাদ দিব লাগিব। জানো আহকচোন এই অভ্যাস বোৰৰ বিষয়ে—-
১) বাত বা অন্য যি কাৰণতেই নহওঁক কিয় বেছি সময় ঠিয় হৈ থাকিলেও আঠুৰ বিষ হ’ব পাৰে। গতিকে বেছি সময় ঠিয় হৈ থাকিব নালাগে।
২) একে ধৰণে বহুত সময় ধৰি বহি থাকিলেও আঠুৰ বিষ হ’ব পাৰে। সেইবাবে একে ধৰনে বেছি সময় বহি থাকিব নালাগে।
৩) আঠুৰ সমস্যা থাকিলে ওজনৰ প্ৰতি সচেতন হ’ব লাগে। শৰীৰৰ ওজন বৃদ্ধি পালে আঠুৰ বিষ বাঢ়ি যাব পাৰে।
৪) আঠুৰ বিষ থাকিলে অতিমাত্ৰা টাইট বা চেপি ধৰা কাপোৰ পিন্ধা উচিত নহয়। এনে ধৰনৰ কাপোৰ পৰিধান কৰিলে তেজ চলাচল কৰাত অসুবিধা হয় আৰু তাৰ ফলত আঠুৰ বিষ বেছি হ’ব পাৰে।
৫) খাদ্যৰ তালিকাত প্ৰোটিন আৰু ফাইবাৰ জাতীয় খাদ্য অন্তভুক্ত কৰিব লাগে। ছডিয়াম থকা খাদ্য কমকৈ খালে আঠুৰ বিষৰ পৰা উপশম পাব পাৰি।
এই নিমমসমূহ মানি চলাৰ উপৰিও ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।