এক সুস্থ সবল শৰীৰৰ অধিকাৰী হৈ থাকিবলৈ ভাল খাদ্য খোৱাটো অত্যন্ত জৰুৰী।বহুতো লোকে কিছুমান খাদ্য শৰীৰৰ বাবে অপকাৰী বুলি একেবাৰেই গ্ৰহণ নকৰে। কিন্তু কিছু সংখ্যক লোকেহে হয়তো জানে যে শৰীৰৰ বাবে অপকাৰী বুলি পৰিচিত বহুত খাদ্যই শৰীৰক কিছুমান ক্ষেত্ৰত উপকাৰো কৰে।
সদায় শৰীৰৰ বাবে অপকাৰী আখ্যা পোৱা , কিন্তু আওপকীয়াকৈ হ’লেও উপকাৰ সাধন কৰা এই খাদ্য হৈছে-
- আলুঃ মেদবহুলতা তথা শৰীৰত চেনীৰ পৰিমাণ নিয়মীয়া কৰি ৰাখিবৰ বাবে বহুতো লোকে আলু নিজৰ খাদ্যৰ তালিকাত নাৰাখে। কিন্তু আলুত থকা ভিটামিন-চি আৰু ভিটামিন – এ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়।
- ৰেড ৱাইনঃ ৰেড ৱাইনত বহু পৰিমাণে এণ্টিঅক্সিডেন্ট থাকে। হৃদৰোগত আক্ৰান্ত ৰোগীৰ বাবে ৰেড ৱাইন উপকাৰী। আনহাতে এই পানীয়বিধে ছালৰ উজ্জ্বলতা বঢ়োৱাটো যথেষ্ট সহায় কৰে।
- চকলেটঃ চকলেটতো বহু পৰিমাণে এণ্টিঅক্সিডেন্ট থাকে। নিয়মিত এক টুকুৰাকৈ চকলেট খালে কেন্সাৰ , হৃদৰোগ আৰু ছালৰ বিভিন্ন বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। আনহাতে আজিকালি বজাৰত ডাৰ্ক চকলেট উপলব্ধ । যিয়ে শৰীৰৰ ওজন কমোৱাৰ ক্ষেত্ৰত নিয়মিত অভ্যাস কৰি থকা লোকৰ শৰীৰত শক্তি যোগোৱাত যথেষ্ট সহায় কৰে।
- কলঃ কলত চেনিত বহু পৰিমাণে থকাৰ বাবে বহুতো লোকে এই ফলবিধ খাবলৈ বেয়া পায়। কিন্তু প্ৰতিদিনে এটাকৈ হ’লেও কল খালে শকত হোৱাৰ প্ৰৱণতা হ্ৰাস পায়। আনহাতে চুলি , শালমন আৰু গৰ্ভৱতী মহিলাৰ বাবেও কল অতি উপযোগী।