VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

যমজ সন্তানৰ গাঁও কেৰালাৰ কোডিনহী

voicedesk by voicedesk
August 10, 2021
in জীৱন, সমাজ
যমজ সন্তানৰ গাঁও কেৰালাৰ কোডিনহী
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

“ভগৱানৰ নিজস্ব যমজ ভূমি কোডিনহীলৈ স্বাগতম”- স্থানীয় ৰাইজে এইদৰেই সকলোকে আদৰণি জনাই যমজ সন্তানৰ ভূমি কোডিনহীলৈ। কেৰালাৰ এই গাঁওখন আজি বিশ্ববাসীৰ বাবে এক অজান সাঁথৰ।

সাধাৰণ পৰিসংখ্যামতে ভাৰতত ১০০০ সন্তানৰ ভিতৰত গড়ে ৯ যমজ সন্তানৰ জন্ম হয়। কিন্তু কোডিনহী গাঁওখনত এই হাৰ গড়ে ৪৫। ২০০০ পৰিয়ালৰ বাসভূমি এই গাঁওখনত যমজৰ সংখ্যা ৪০০। আনহাতে চৰকাৰী তথ্যমতে ২০০৮ চনৰ এক গৱেষণা অনুসৰি এই গাঁৱত আছিল ২৮০ যোৰ যমজ সন্তান।

গাঁওখনে সমগ্ৰ বিশ্বৰ ভিতৰত এক সুকীয়া স্থান লাভ কৰিছে৷ কোডিনহী গাঁওখনক ‘টুইন্ছ ভিলেজ’ বুলিও কোৱা হয়৷ যমজ সন্তানৰ জন্মৰ এই পৰিঘটনা কোডিনহী গাঁওখনত বহুকেইটা প্ৰজন্মৰ পৰা প্রচলিত হৈ আহিছে৷ কোডিনহীৰ স্থানীয় বাসিন্দাৰ মতে, এই অঞ্চলটোৰ সবাতোকৈ পুৰণি যমজ সন্তানযোৰৰ জন্ম হৈছিল ১৯৪৯ চনত।

২০০৬ চনত এযোৰ যমজ ভগ্নীয়ে কৌতূহলবশত গাওঁখনত যমজ সন্তান জন্মৰ উচ্চহাৰৰ ঘটনাৰ আৰ্হিটো লক্ষ্য কৰিছিল।সেই সময়ত সমীৰা আৰু ফেমিনা নামৰ যমজ সন্তানৰ এই যোৰটো ইয়াৰ ওচৰৰ আই.আই.এছ.চি. বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী আছিল। তেওঁলোকে লক্ষ্য কৰে যে তেওঁলোকৰ শ্ৰেণীতেই আঠযোৰ যমজ সন্তান আছে। ভালদৰে লক্ষ্য কৰিলত দেখা গ’ল যে আন শ্ৰেণীবোৰতো বহু যমজ সন্তান আছে। তেওঁলোকৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ আৱিষ্কাৰ আছিল। এই কথা উল্লেখ কৰিছে প্ৰায় দুটা প্ৰজন্ম ধৰি কুডিনহিত বাস কৰা ভাস্কৰণ নামৰ ব্যক্তিজনে। 

চামচাদ নামৰ স্থানীয় বাসিন্দা এজনে কৈছিল যে যেতিয়া যমজ সন্তান জন্ম হৈছিল তেতিয়া কোনেও বিশেষ চিন্তা কৰা নাছিল। কিন্তু কেইবছৰমানৰ পিছত সকলোৱে ক’বলৈ আৰম্ভ কৰিলে যে এই গাঁওখনত দেশৰ সৰ্বাধিক সংখ্যক যমজ সন্তান আছে। তেতিয়াই সকলোৱে ভাবিবলৈ আৰম্ভ কৰে যে এইটো কেনেকৈ সম্ভৱ হৈছে।

২০১৬ চনত চিএছআইআৰ(চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়’লজী,হায়দৰাবাদ), কেইউএফঅ’এছ( কেৰালা ইউনিৰ্ভাচিটি অফ ফিচাৰছ এণ্ড অচেন ষ্টাডিজ), কচ্ছি, ইনষ্টিটিউট অফ ট্ৰপিকেল মেডিচিন এট ডা ইউনিৰ্ভাছিটি অফ টুবিনজেন, জাৰ্মানী এণ্ড ডা ইউনিৰ্ভাছিটি কলেজ লণ্ডন বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে কোডিনহীৰ যমজ সন্তানৰ মূল ৰহস্যৰ সন্ধানত কোডিনহী গাঁওখন পর্যবেক্ষণ কৰিছিল৷

গৱেষকসকলে যমজসকলৰ ডিএনএ সংগ্রহ কৰিছিল আৰু লগতে তেঁওলোকৰ শৰীৰ বিজ্ঞান আৰু ব্যৱহাৰ সম্পৰ্কে অধ্যয়ন কৰিছিল। গৱেষকসকলে ৰহস্য উদঘাটনৰ কোনো প্ৰচেষ্টাই এৰা নাই।

ডা হিন্দু কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি কেইউএফঅ’এছ ৰ এগৰাকী সহকাৰী অধ্যাপক প্ৰীথম এলোমালিয়ে জনাইছে যে, তেঁওলোকে তিনি সপ্তাহৰ এটা যমজ যোৰাকো অধ্যয়ন কৰিছে। বৰ্তমানলৈকে ইয়াৰ প্ৰকৃত তথ্য উদঘাটন হোৱা নাই যদিও গৱেষকসকলৰ লগতে বিশ্ববাসী ইয়াক জানিবলৈ উৎসাহিত হৈ আছে।

পশ্চিমীয়া দেশবোৰত যমজ সন্তানৰ জন্মৰ হাৰ কৃত্রিম গর্ভধাৰণ প্রক্রিয়াৰ বাবে বৃদ্ধি হৈছে৷ কিন্তু ভাৰতবর্ষত এই গর্ভধাৰণ প্রক্রিয়া সম্পূর্ণৰূপে স্বাভাৱিক৷ ভাৰতবর্ষৰ এলাহাবাদৰ মহম্মদপুৰ উমৰীতো অধিকসংখ্যক যমজ সন্তান দেখিবলৈ পোৱা যায়৷

কিছুসংখ্যক চিকিৎসকৰ মতে এই অঞ্চলৰ লোকসকলে ব্যৱহাৰ কৰা পানীত কিছু বিশেষ ৰাসায়নিক পদার্থ থকাৰ বাবে ইয়াত যমজ সন্তানৰ জন্মৰ হাৰৰ মাত্রা অত্যধিক৷ কোডিনহী গাঁওখনে এছিয়া মহাদেশতেই সীমিত নাথাকি সমগ্র বিশ্বতেই যমজ সন্তানৰ জন্মৰ ক্ষেত্রত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে।


এই ঘটনা কিয় ঘটিছে সেই সম্পৰ্কে পৰিয়ালবোৰে নিজাকৈ অনুমান কৰি লৈছে। কিন্ত অভিলাষ নামৰ দুযোৰ যমজ সন্তানৰ পিতৃ এজন অটোৰিক্সা চালক চিন্তিত হৈ পৰিছে যে ৰাজ্য চৰকাৰে এতিয়ালৈকে একাধিক যমজ সন্তান থকা পৰিয়ালবোৰক কোনো ধৰণৰ আৰ্থিক সহায় আগবঢ়োৱা নাই। অৱশ্যে আৰ্থিক সাহাৰ্য নহয় ঘটনাৰ প্ৰকৃত ৰহস্য জানিবৰ বাবেহে অধিক সংখ্যকে আগ্ৰহেৰে অপেক্ষা কৰিছে।

Previous Post

বিলুপ্তপ্ৰায় চেংমৰা শাকৰ ছটা উপকাৰী গুণ

Next Post

অন্ধকাৰৰ দিশে অসমৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীসমূহ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
অন্ধকাৰৰ দিশে অসমৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীসমূহ

অন্ধকাৰৰ দিশে অসমৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীসমূহ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7