গুৱাহাটীৰ পুৰণি পাহাৰবাসীক মাটিৰ পট্টা প্ৰদানৰ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। অসমৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে শুক্ৰবাৰে অসম বিধানসভাৰ মজিয়াত দাখিল কৰা ২০২১-২২ চনৰ বাজেটত এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
বন আইনমতে পাহাৰত বাস কৰা ভূমিহীন প্ৰকৃত ভাৰতীয় নাগৰিকৰ মাটি পট্টাৰ সমস্যা সমাধানৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে।
বাজেটত উল্লেখ কৰা হৈছে, “গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত হোৱা বেদখলৰ বিষয়টো নিষ্পত্তি কৰিবলৈ আৰু পাহাৰসমূহক বেদখলৰ পৰা মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ। এই লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস হিচাপে চৰকাৰখনে বেদখলকাৰীৰ প্ৰতি এক মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰিব। চৰকাৰে উপযুক্ত ভূমি চিনাক্ত কৰিব আৰু যোগ্য বুলি বিবেচিত ভূমিহীন বেদখলকাৰীক অগ্ৰাধিকাৰৰ ভিত্তিত তেনে ভূমিলৈ স্থানান্তৰ কৰিব“
‘ভৱিষ্যতলৈ যাতে আৰু অধিক বেদখল হ’ব নোৱাৰে, তাক ৰুধিবলৈ চৰকাৰী অভিকৰণৰ জৰিয়তে ড্ৰোন আৰু অন্য প্ৰযুক্তি ব্যৱহাৰ কৰি পাহাৰসমূহত দিনে-নিশাই নিৰীক্ষণ চলোৱাৰ এটা ব্যৱস্থা বিকশাই তোলা হ’ব। ৰাজ্য চৰকাৰে মুকলি ঠাইৰ সৃষ্টি কৰিব আৰু মহানগৰীৰ ভিতৰৰ বৰ্তমানৰ সকলো মুকলি ঠাই আৰু পাহাৰ সংৰক্ষিত কৰিব,” বাজেট প্ৰস্তাৱ কৰা হৈছে ।
মুখ্যমন্ত্ৰীয়েও সংবাদ মাধ্যমৰ আগত বাজেটত উল্লেখিত কথাবোৰৰ বৰ্ণনা কৰে। বাজেটত উল্লেখিত দফাৰ বৰ্ণনা কৰি তেখেতে কয়- ” যিসকল ভাৰতীয় নাগৰিক, যিসকল গুৱাহাটীৰ পুৰণি বাসিন্দা, বন আইনমতে যিসকলক মাটিৰ পট্টা দিব পৰা যায়, তেঁওলোকৰ মাটিৰ সমস্যা অতি সোনকালে নিষ্পত্তি কৰা হ’ব।”
গুৱাহাটীৰ ৰাইজক উচ্ছেদৰ পৰিৱৰ্তে পট্টা দি নিৰাপত্তা দিয়াৰ ঘোষণাক আদৰণি জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। তেখেতে এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন ধৰি গুৱাহাটীৰ পাহাৰবাসী তথা বনাঞ্চলৰ জনজাতীয়, থলুৱা লোকৰ ভূমিৰ পট্টাৰ বাবে সংগ্ৰাম কৰি আহিছে। ২০১০ চনৰ পৰা চেষ্টা কৰি অহা এই সপোন পূৰণ কৰাৰ বাবে তেখেতে চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰে।