শীতৰ পুৱা গৰম চাহ অবিহনে দিনটো আৰম্ভ কৰাটো বহুতৰে বাবে কঠিন। কেৱল পুৱাতে নহয়, বহুতে দিনটোত কেইবাবাৰো চাহ খোৱাটো একপ্ৰকাৰ অভ্যাস । সেয়েহে চাহৰ মান ভাল নহ’লে চাহ প্ৰিয়সকলৰ খং উঠাটো স্বাভাৱিক ৷ কোনে কোনবিধ চাহ খাবলৈ ভাল পায় সেয়া ব্যক্তিগত ৰুচিৰ কথা। কিছুমানে পাতৰ চাহপাতৰ খায়, কোনোৱে গুৰি চাহপাতৰ চাহ বেছি পছন্দ কৰে। কিন্তু আপুনি জানেনে যে এই দুবিধ চাহৰ সোৱাদতেই নহয়, গুণগত মানৰ মাজতো পাৰ্থক্য আছে?
বিশেষজ্ঞসকলে কয় যে চাহৰ গুণগত মান ইয়াৰ প্ৰক্ৰিয়াকৰণৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। গুড়ি চাহক ‘চিটিচি’ চাহ বুলিও কোৱা হয়। ইংৰাজীত ইয়াৰ অৰ্থ ‘ক্ৰাছ, টিয়াৰ এণ্ড কাৰ্ল’। বাগিচাৰ পৰা চাহপাত ছিঙি পাতবোৰ শুকুৱাই মেচিনেৰে গুড়ি কৰি লোৱা হয়। এই চাহ প্ৰস্তুত কৰিবলৈ খুব কম সময় লাগে। ইয়াৰ সোৱাদটোও অলপ চোকা । আনহাতে পাতৰ চাহপাত প্ৰস্তুত কৰিবলৈ বহু সময় লাগে। বাগিচাৰ পৰা পাত ছিঙি লোৱাৰ পিছত ডিষ্টিলেচন প্ৰক্ৰিয়াৰ সময়ত পাতৰ কেইবাটাও উপাদান আঁতৰাই পেলোৱা হয়। ইয়াৰ পিছত সেইবোৰ শুকুৱাই লোৱা হয়। প্ৰয়োজন সাপেক্ষে পাতবোৰ অলপ সেকা হয় ৷
পাতৰ চাহত কেটেচিন, আইছ’ফ্লেভিন, পলিফিনল আদি একাধিক যৌগ থাকে। কিন্তু পাউদাৰ চাহত কেটেচিন, আইছ’ফ্লেভনৰ মাত্ৰা অতি কম। পলিফিনলৰ পৰিমাণ পাতৰ চাহৰ দৰেই একে । কিন্তু পাতৰ চাহত থকা এন্টিঅক্সিডেন্টৰ মাত্ৰা গুড়ি চাহতকৈ বহু বেছি। পাতৰ চাহ শৰীৰৰ বিষমুক্ত কৰাত অধিক ফলপ্ৰসূ। পাতৰ চাহ খালে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়। পাউদাৰ চাহৰ তেনে কোনো গুণ নাই।
পাতৰ চাহত টেনিনৰ পৰিমাণ কম। ফলত পাতৰ চাহতকৈ গুড়ি চাহ অলপ বেছি স্নায়ু উদ্দীপক। বেছিকৈ গুড়িৰ চাহ খালে টোপনিৰ সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও চাহ গুড়ি খালে এচিডিটিৰ সমস্যাও হ’ব পাৰে। পাতৰ চাহ খোৱাটো কম বিপদজনক। কিন্তু সকলোৰে শৰীৰ বেলেগ বেলেগ। গতিকে সকলোৰে শৰীৰত দুবিধ চাহৰ প্ৰভাৱ একে নহ’বও পাৰে।