এগিলাচ পানী আৰু এটা গোটা নেমু। বেছিভাগ ফিটনেছ সচেতন লোকৰ বাবে ই এক নম্বৰ ডায়েট ড্ৰিংক। শৰীৰৰ অতিৰিক্ত চৰ্বি ত্যাগ কৰাত এই পানীয় বহু লোকৰ বাবে অতি ফলপ্ৰসূ। বহু ফিটনেছ বিশেষজ্ঞইও এই পানীয় আপোনাৰ খাদ্য তালিকাত যোগ কৰাৰ পৰামৰ্শ দিয়ে।
নেমুত প্ৰচুৰ পৰিমাণে আঁহ আৰু এন্টিঅক্সিডেন্ট থাকে। নিয়মিতভাৱে নেমুৰ পানী সেৱনে ইয়াত থকা আঁহৰ বাবে আন কিবা খোৱাৰ ইচ্ছা কমি যায়, ইয়াৰ উপৰিও এই পানীয়টোৱে বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধিতো সহায় কৰে। গতিকে মুঠতে এই পানীয়টোৱে ওজন কমাবলৈ অতি ফলপ্ৰসূ। কেৱল নেমুৰ পানী নোখোৱাকৈ পানীয়ৰ মান কেনেকৈ বৃদ্ধি কৰিব পাৰি?
১) তিয়হৰ লগত নেমুৰ পানীঃ নেমুৰ পানীত তিয়হ মিহলাই দিলে ইয়াৰ ফলপ্ৰসূতা বৃদ্ধি পায়। তিয়হত প্ৰচুৰ পৰিমাণে পানী থাকে আৰু ইয়াত কোনো কেলৰি নাথাকে। গতিকে গৰমৰ দিনত শৰীৰৰ পানীৰ অভাৱ পূৰণৰ বাবে এই পানীয় খাব পাৰে।
২) পদিনা পাতৰ সৈতে নেমুৰ পানীঃ সাধাৰণ নেমুৰ পানীত পদিনা পাত কেইটামান দিলে ইয়াৰ সোৱাদ কেইবাগুণো বৃদ্ধি পায়। কিন্তু কেৱল সোৱাদ বৃদ্ধি কৰাই নহয় পদিনা পাতে হজম শক্তিতো সহায় কৰে। ইয়াৰ উপৰিও পদিনা বিপাকীয় ক্ৰিয়া বৃদ্ধিত অতি উপযোগী। মুঠতে নেমুৰ পানীত পদিনা যোগ কৰিলে ওজন হ্ৰাস ক্ষীপ্ৰ হয়।
৩) আদাৰ লগত নেমুৰ ৰসঃ নেমুৰ ৰসত এচামুচ আদা মিহলাই খাব পাৰে। হজম শক্তিৰ বাবে আদা অতি উপকাৰী। ইয়াৰ বাহিৰেও নেমু পানীৰ লগত মিহলি কৰিলে ইয়াৰ সোৱাদ কেইবাগুণো বৃদ্ধি পায়। গতিকে এই পানীয়টো আপুনি আপোনাৰ স্লিমিং ডায়েটত ৰাখিব পাৰে।
কিন্তু কেৱল ওজন কমাবলৈ নহয়, দৈনিক নেমু পানীৰ অভ্যাস সকলোৰে বাবে ভাল। বিশেষকৈ এই গ্ৰীষ্মকালত নেমুৰ পানী সেৱন কৰাটো গুৰুত্বপূৰ্ণ। চিকিৎসকৰ মতে, কেৱল ৰাতিপুৱা নহয়, দিনটোৰ যিকোনো সময়তে নেমুৰ পানী খাব পাৰে। কিন্তু নেমুৰ এচিডিটিৰ মাত্ৰা অধিক হোৱাৰ বাবে বহু চিকিৎসকে ইয়াক অতিৰিক্তভাৱে খোৱাটো নিষেধাজ্ঞা আৰোপ কৰে। নেমুত থকা ভিটামিন চি আৰু ইয়াৰ এন্টিঅক্সিডেন্টবোৰে আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। নেমু শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰে। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ইয়াৰ উপৰিও চুলিক পুষ্টি প্ৰদান কৰাত সহায় কৰে।
নেমুৰ ৰসে মুখত বয়সৰ দাগ ৰোধ কৰিব পাৰে। নেমু এটা প্ৰাকৃতিক স্ক্ৰাব। গতিকে ৰস খোৱাৰ পিছত নেমুৰ খোলাটোও ছালত ঘঁহিব পাৰে। ছাল পৰিষ্কাৰ কৰাৰ উপৰিও মৃত কোষবোৰ ধ্বংস হৈ ছালখন উজ্জ্বল হৈ পৰে। কিন্তু প্ৰতিদিনে নেমুৰ ৰসে আপোনাৰ বদহজম লাঘৱ কৰিব পাৰে। গতিকে নেমুৰ পানীও মুখৰ দুৰ্গন্ধ ৰোধ কৰাত উপযোগী। । নেমু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। গতিকে যিকোনো ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়। ইয়াৰ উপৰিও নেমুৰ পানীয়ে বহুতো ৰোগ সৃষ্টিকাৰী জীৱাণুও ধ্বংস কৰিব পাৰে।