চজিনা এবিধ মধ্যমীয়া গছ।
ইংৰাজী নাম ঃ Dram Strick Tree
বৈজ্ঞানিক নাম ঃ Moringa Oleifera
চজিনা গছ ভাৰতবৰ্ষৰ প্ৰায়বিলাক ঠাইতে পোৱা যায়।চজিনা গছৰ শিপাৰ পৰা আৰম্ভ কৰি প্ৰতিটো অংশই ঔষধ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়।বিশেষকৈ চজিনাৰ শিপা , গছৰ ছাল , ফল , গুটি , ফুল আৰু আঠা ঔষধ হিচাপে ব্যবহৃত হয়। ফাগুন , চ’ত মাহত বতৰ ধুলিময় হয় আৰু এই সময়ত বসন্ত আদি ৰোগ দেখা দিয়ে বাবে এই সময়ত চজিনাৰ ফুল খাব লাগে।পুৰণি দিনৰে পৰা আইতা হঁতৰ মুখে মুখে চলি আহিছে যে ফাগুন চ’ত মাহত চজিনাৰ ফুল খালে বসন্ত ৰোগ নহয়। চজিনাৰ ফুলে বসন্তৰ প্ৰতিষেধক হিচাপে কাম কৰে। সৰু আলু গুটিৰ লগত চজিনাৰ ফুল ভাজি খাবলৈ বৰ সোৱাদ। কিছুমানে চজিনাৰ ফুলৰ বড় বনাই খোৱা দেখা যায়।
চজিনা গছৰ ঔষধি গুণ ডাল-পাত , ফল-ফুল , শিপা আদি সকলোতে বিৰাজমান। চজিনা গছক অলৌকিক গছ বুলিও কোৱা হয়। আইৰণ , পটাছিয়াম থকা বাবে চজিনাৰ পাত হাৰ্টৰ বাবে অতি উপকাৰী। চজিনাৰ পাতত ভিটামিন আৰু কেলছিয়াম থাকে।চজিনাৰ পাত ভাজি খাবলৈ ভাল লাগে। চজিনাৰ পাতে কলেষ্টৰেল কমায় , উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে , হজম শক্তি বৃদ্ধি কৰে আৰু ডায়বেটিছ কমায়। চজিনাৰ পাত কেঞ্চাৰ প্ৰতিৰোধক। এজমা ৰোগৰ বাবেও চজিনাৰ পাত উপকাৰী। চজিনাত কেলছিয়াম , ফছফৰাছ , খনিজ দ্ৰব্য , কাৰ্ব’হাইড্ৰেট আদি পোৱা যায়।
গতিকে বতৰৰ ফল চজিনা খোৱাৰ লগতে আমি চজিনাৰ ফুল আৰু পাত খোৱাও প্ৰয়োজনীয়।