খালি চকুৰে মনিব নোৱাৰা সৰু সৰু জীৱন্ত অসংখ্য সমষ্টিৰে মানৱ দেহ গঠন হয়। আমাৰ শৰীৰৰ গঠন আৰু ক্ৰিয়া কাণ্ডৰ আধাৰ স্বৰূপ এই সৰু সৰু অংশকে কোষ বোলা হয়। কোষ সমূহ সোপসুপীয়া জীৱিত পদাৰ্থৰে গঠন কৰা হয়। এই পথাৰ্থ খিনিক প্ৰটোপ্লাজম বোলা হয়। সকলো কোষৰ আকৃতি একে নহয়। কোষৰ কামৰ ধৰণ অনুসৰি আকাৰ আৰু আকৃতি পৃথক হয়।কোষৰ কাম সমূহ হ’ল-
তেজে কঢ়িয়াই অনা অক্সিজেন দেহৰ কোষে গ্ৰহণ কৰে আৰু দেহৰ পৰা কাৰ্ব’হাইড্ৰেট উলিয়াই দিয়ে। ইয়াকে শ্বাস-প্ৰশ্বাস ক্ৰিয়া বোলে।
কোষৰ দ্বাৰা খাদ্য গ্ৰহণ আৰু আত্মীকৰণ ।এই আত্মীকৰণৰ বাবে কোষবোৰৰ আকাৰ প্ৰয়োজন অনুসৰি বৃদ্ধি পায়।
কোষৰ দ্বাৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰি দিয়ে।
কোষ সমূহ ভালে ৰাখিবলৈ হ’লে –
শাক-পাচলি আৰু ফল-মূল উপকাৰী। সেয়েহে আমি
শাক-পাচলি আৰু ফল-মূল যথেষ্ট পৰিমানে খাব লাগে।
কেঁচা হালধিৰ ৰস , পিঁয়াজ আৰু নহৰুৱে দেহৰ অলাগতিয়াল কোষ বিলাক ধ্বংস কৰে। গতিকে আমি সদায় হালধিৰ ৰস , কেঁচা পিঁয়াজ , নহৰু আদি খোৱাৰ অভ্যাস কৰিব লাগে।
স্নায়ুকোষ বিলাক ভালে থাকিবৰ কাৰণে , ফছফৰাছযুক্ত খাদ্য যেনে ব্ৰাহ্মী , মানিমুনি , টেঙেচি , মৰিচাশাক , নহৰু , কোমোৰা , অশ্বগন্ধা , আমলখি , আপেল আদি নিয়মীয়াকৈ খাব লাগে।