১) কেঁচা আমলখিৰ ৰসত সম পৰিমাণৰ জেতুকাৰ ৰস , শিলিখাৰ ৰস, কেহৰাজৰ পাতৰ ৰস আৰু মহাভৃঙ্গৰাজৰ পাতৰ ৰস মিহলি কৰি গা ধোৱাৰ প্ৰায় এঘণ্টা আগতে মূৰৰ চুলিত ঘঁহি শুকুৱাব লাগে। মূৰত সনাৰ এঘণ্টাৰ পিছত ঠাণ্ডা পানীৰে মূৰ ধুব লাগে। এনে কৰিলে চুলি ক’লা হয়। তাৰোপৰি মহাভৃঙ্ঘযাজৰ পাত আঞ্জা কৰি খালে পকা চুলিও ছালৰ ভিতৰৰ পৰা ক’লা হৈয়ে ওলাই আহে।
২) ঔ-টেঙা ফলৰ বীজল খিনিৰে চুলি ধুলে চুলিৰ উজ্বলতা বাঢ়ে আৰু উফি নোহোৱা হয়।
৩) মহানিমৰ গুটি ১০ টা ৰদত শুকুৱাই লোৱাৰ পিছত তাক গুড়া কৰি ল’ব লাগে। ১৫০ মিলিলিটাৰ মান মহাভৃঙ্গৰাজৰ পাতৰ ৰসত নিম গুটিৰ গুড়া খিনি মিহলাই একেৰাহে তিনিদিন মান ৰাখি চুলিত পায় ১০ মিনাট মান ৰাখি ঠাণ্ডা পানীৰে মূৰ ধুই দিব লাগে। এনেদৰে মাহত দুইবাৰকৈ ধুলেও চুলি অকালতে পকিব নোৱাৰে।