ছাল খহটা হ’লেই এই ৰোগ হোৱা দেখা যায়। সাধাৰণতে গৰমকালিহে ঘামচি হয়। ছাল অপৰিষ্কাৰ বা বহু সময় ঘামি থাকিলে বা ঘাম ওলাব নোৱাৰিলে ঘামচি হয়। ঘামচি ওলালে গা খজুৱাই আৰু পিৰপিৰাই থাকে। ঘামচিৰ পিৰপিৰণিত আমি অসহ্য অনুভৱ কৰো। এই অসহ্য পিৰপিৰণিৰ পৰা আমি বন দৰবেৰে ৰেহাই পাব পাৰো। ঘামচিৰ পৰা কেনেকৈ পৰিত্ৰান পাব পাৰি জানো আহক-
১) হেলচি শাক পিহি গাত ঘঁহিব লাগে।
২) কেঁচা হালধি খুন্দি দুবৰি বনৰ ৰসৰ লগত মিশ্ৰণ কৰি ঘামচি হোৱা ঠাইত লগালে ঘামচি নাইকিয়া হয়।
৩) ৪/৫ খন তেজপাত পিহি ঘামচি হোৱা ঠাইত সানিব লাগে।
৪) গোল নেমুৰ ৰস ঘামচি হোৱা ঠাইত লগালে ঘামচি ভাল হয়।
৫) ৰঙা চন্দনৰ গুড়া ঘামচি হোৱা ঠাইত কিছু সময় প্ৰলেপ দি পিছত পানীৰে ধুই দিলে যথেষ্ট উপকাৰ পোৱা যায়।
৬) মহানিমৰ পাত সিজাই সেই পানী ঠাণ্ডা কৰি গা ধুলে ঘামচি নাইকিয়া হয়।
গাৰ ছাল সদায় পৰিষ্কাৰ কৈ ৰাখিব লাগে। ঘাম ওলালে তৎক্ষণাত পৰিষ্কাৰ পানীৰে ধুই বা কাপোৰেৰে মোহাৰিব লাগে। দিনে ৩লিটাৰ মানকৈ পানী খোৱা উচিত।