আমাৰ শৰীৰৰ অন্যতম অংগ হ’ল ছাল। ছালে আমাৰ গোটেই শৰীৰৰ বাহিৰৰ অংশটো আবৰি থাকে আৰু সুৰক্ষা প্ৰদান কৰি থাকে। ফাগুন -চ’ত মাহত যথেষ্ট ধুলিময় হয়। বতাহত উৰি অহা ধুলিৰ লগতে বীজানুৱে আমাৰ ছালখনৰ বহুতো ক্ষতি কৰে। এই সময়ত ছালৰ এলাৰ্জি হোৱা দেখা যায়। গতিকে আমি আমাৰ সংবেদনশীল ছালখন এই দিন কেইটাত খুওব যতনেৰে ৰাখিব লাগে। উৰুঙা উৰুঙা দিনত ছালখন ৰুক্ষ হৈ যায়। তাৰোপৰি এই সময়তে ৰঙৰ উৎসৱ ফাকুৱা আহি পায়।আমি সকলোৱেই আনন্দৰ উৎসৱ ফাকুৱাক আদৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকো।
ফাকুৱা খেলিবলৈ লোৱাৰ আগতে আমি কিছু সাৱধানতা লোৱা প্ৰয়োজন। ফাকুৱাত ব্যৱহৃত কৃত্ৰিম ৰঙে আমাৰ চুলি আৰু ছালৰ যাতে ক্ষতি কৰিব নোঁৱাৰে তাৰ বাবে ফাকুৱা খেলাৰ আগতে কিছুমান নিয়ম মানি চলিব লাগিব-
চুলিখিনি নাৰিকল তেল , কেষ্টৰ অইল অথবা অলিভ অইলেৰে মালিচ কৰিব লাগে। যদিহে উফিৰ সমস্যা থাকে তেনেহলে তেলৰ লগত নেমুৰ ৰস মিহলাই লব লাগে। চুলিখিনি যদি দীঘল হয় তেন্তে ভালদৰে বান্ধি ল’ব লাগে। হাত ,ভৰি , কিলাকুটিকে আদি কৰি শৰীৰৰ সকলো অংশতে ভালদৰে তেল লগাই লব লাগে। ফাকুৱা খেলিবলৈ লোৱাৰ এঘণ্টা মান আগতে তেল লগাই লোৱা উচিত।
যথেষ্ট পৰিমাণৰ ছানস্ক্ৰীনযুক্ত ময়শ্বাৰাইজাৰ শৰীৰত লগাব লাগে। ওঁঠত লিপবাম লগাবও লাগে।
ডাঠ ৰঙৰ হাত দীঘল কপাহী কাপোৰ পিন্ধাটো অতি দৰকাৰী।
ফাকুৱা খেলাৰ পিছত গা ধুই উঠি যথেষ্ট পৰিমাণৰ বডিলোচন সানিব লাগে। বডিলোচনে ছালখন শুকাই যোৱাৰ পৰা ৰক্ষা কৰে। দৈ , হালধি , মৌ আৰু বেচনৰ মিশ্ৰণ তৈয়াৰ কৰি ছালত লগালে ছাল খনৰ আদ্ৰতা ধৰি ৰখাত সহায় কৰে।