আমাৰ শৰীৰ টো সুস্থ কৰি ৰাখিবলৈ বা এটা নিৰোগী দেহৰ উত্তৰাধিকাৰী হ’বলৈ সকলোৰে মন যায়। তাৰবাবে কিছুমান সাধাৰণ কথা জনাটো অতি প্ৰয়োজন আৰু সৰু সৰু কথাবোৰ আমি মানি চলিলে নিশ্চয় সুসাস্থ্যৰ অধিকাৰী হ’ব পাৰিম।
১) শাৰীৰিক পৰিশ্ৰম নিতৌ নিয়মীয়াকৈ কৰা উচিত। খোজকঢ়া , ব্যায়াম কৰা , চাইকেল , খেলাধূলা কৰা আদি কামৰ যোগেদি শাৰীৰিক পৰিশ্ৰম হয়। এইবিলাক কাম কাজ নিয়মীয়াকৈ কৰি থাকিলে আমাৰ অগ্নাশয়টো সক্ৰিয় হৈ ভালেৰে থাকে আৰু দেহত জমা হোৱা অতিৰিক্ত চেনি নিয়ন্ত্ৰিত হোৱাৰ উপৰি দেহত অলাগতিয়াল মেদ জমা হ’ব নোৱাৰে।
২) উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ কাৰণে কেঁচা নহৰু ৪/৫ ফোটাকৈ আহাৰৰ লগত নিয়মীয়াকৈ খাব লাগে।
৩) কেঁচা নহৰুৱে অগ্নাশয় সুস্থ আৰু অধিক সহায় কৰাতো সহায় কৰে। নেমু জাতীয় ফল আৰু তেতেলী টেঙাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত কৰিব পাৰে।
৪) হৃদযন্ত্ৰ অধিক শক্তিশালী কৰিবৰ বাবে অৰ্জুণ গছৰ গুড়া চাহৰ দৰে ব্যৱহাৰ কৰা উচিত। তদুপৰি কেঁচা নহৰুৱেও হৃদযন্ত্ৰ শক্তিশালী কৰিব পাৰে।
৫) একেবিধ খাদ্যকে সদায় ব্যৱহাৰ নকৰি ২/৩ দিনৰ মূৰে মূৰে বিভিন্ন খাদ্য ব্যৱহাৰ কৰা উচিত। যাতে দেহত প্ৰয়োজনীয় বিভিন্ন খাদ্য উপাদান শৰীৰৰ কোষে পাব পাৰে। অৰ্থাৎ খাদ্য নিয়মীয়াকৈ খাব লাগে।
৬) আঁহজাতীয় খাদ্য যথেষ্ট পৰিমাণে খোৱা উচিত। কলডিল , পচলা , ঢেকীয়া , চজিনা , বেল , বন্ধাকবি , অমিতা , গাজৰ , শিলিখা , আমলখি আদি নিয়মীয়াকৈ খোৱা ভাল।
৭) সদায় হাঁহিমুখীয়াকৈ প্ৰফুল্লিত মনেৰে থাকিব লাগে। নিজৰ পৰিয়ালৰ , সমাজৰ তথা দেশৰ মঙ্গলৰ বাবে সজ চিন্তা-চৰ্চাৰে সজ কাম কৰিব লাগে।
৮) সম্পূৰ্ণ পেট ভৰাই কেতিয়াও কোনো খাদ্য খাব নালাগে। পাকস্থলীৰ তিনি ভাগৰ এভাগ খাদ্যই পূৰ কৰিব লাগে , এভাগ পানীৰে পূৰ কৰি আনভাগ খালি ৰাখিব লাগে। এনেদৰে আহাৰ গ্ৰহণ কৰিলে পেটৰ শতকৰা প্ৰায় ৫০ টা ৰোগ প্ৰতিৰোধ হয়।
৯) মানসিক অতিপাত চিন্তা দূৰ কৰিব লাগে। মানসিক চিন্তা দূৰ কৰাৰ ক্ষেত্ৰত ব্ৰাহ্মী শাক আৰু মানিমুনিয়ে যথেষ্ট প্ৰভাৱ পেলাব পাৰে। মানসিক চিন্তুা দূৰ কৰিবৰ কাৰণে মাদক দ্ৰব্য, ধূমপান আদি কোনো পৰিস্থিতিতে কেতিয়াও গ্ৰহণ কৰিব নালাগে।