দিনটোৰ বেছিভাগ সময় অফিচত শীততাপ নিয়ন্ত্ৰিত কোঠাত বহুলোকে কাম কৰে । অফিচৰ পৰা ঘৰলৈ উভতি অহাৰ পিছতো এচি অন নকৰিলে বহুলোকৰ আৰাম নাথাকে। নিজৰ গাড়ী হওক বা এপত টেক্সি বুকিং কৰক, বহুতে এচি অবিহনে চলিব নোৱাৰে ৷ সকলো সময়তে ঠাণ্ডাত থাকিলে শৰীৰত কি প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে বহুতে অৱগত নহয়। আৰু এতিয়া বতৰ গৰম হোৱাৰ লগে লগে এয়াৰ কণ্ডিচনাৰৰ চাহিদাও বাঢ়িছে। শৰীৰক স্বাভাৱিক উষ্ণতাৰ লগত খাপ খুৱাই লোৱাৰ অভ্যাস মানুহে পাহৰি গৈছে।
অত্যধিক ঠাণ্ডা পৰিৱেশত থকাৰ ফলত শৰীৰত কি প্ৰভাৱ পৰে?
১)মাইগ্ৰেইনৰ সমস্যা বাঢ়িব পাৰে। অবিৰতভাৱে ঠাণ্ডাৰ সংস্পৰ্শলৈ আহিলে মূৰৰ বিষৰ সমস্যা বৃদ্ধি পায়।
২) ঠাণ্ডা কোঠাত বেছি সময় থাকিলে শৰীৰত পানীৰ অভাৱ হ’ব পাৰে। শৰীৰৰ প্ৰাকৃতিক আৰ্দ্ৰতা হেৰুৱাই পেলায়।
৩) এ চিয়ে ভিতৰৰ পৰা শৰীৰ শুকুৱাই দিয়ে। পিয়াহ নালাগিলেও শৰীৰত পানীৰ চাহিদা থাকে । গতিকে পৰ্যাপ্ত পৰিমাণৰ পানী নাখালে পেশী টান ধৰিব পাৰে। বৰ ভাগৰুৱা অনুভৱ হয় ।
৪) হাঁপানী বা এলাৰ্জী সম্পৰ্কীয় সমস্যা থাকিলে দীৰ্ঘদিন এচিত থকাটো বিপদজনক। চৰ্দি-কাহ, হাঁচি বা উশাহ-নিশাহৰ সমস্যা বৃদ্ধি পাব পাৰে । ‘এলাৰ্জিক নাকৰ ৰোগ’ৰ সমস্যাও উদ্ভৱ হ’ব পাৰে। তেনে অৱস্থাত চকু সমস্যা হ’ব পাৰে ৷
৫) শীততাপ নিয়ন্ত্ৰিত কোঠাত বাতবিষৰ বিষ বৃদ্ধি পায়। যদি বাতবিষৰ কোনো সমস্যা আছে তেন্তে শীত তাপ নিয়ন্ত্ৰিত কোঠাত বেছি সময় থকাটো উচিত নহয় ৷
৬) ছালৰ সংক্ৰমণ হব পাৰে। ছাল শুকান হৈ পৰে। বাহিৰৰ গৰম আৰু ভিতৰৰ এচিৰ উষ্ণতা সম্পূৰ্ণ বেলেগ। এই দুই উষ্ণতাৰ লগত শৰীৰে খাপ খাব নোৱাৰে। ইয়াৰ উপৰিও ইয়াৰ ফলত বিভিন্ন ছালৰ এলাৰ্জী হয়।