যিটো সময়ত বন্য-প্ৰাণী সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে,তেনে সময়তে সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ‘ য়ে এতিয়া চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলক।
বৰ্তমান মধ্যপ্ৰদেশৰ কেইবাখনো জিলাত বানে লৈছে সংহাৰী ৰূপ। বানে প্লাৱিত কৰা এখন জিলা হৈছে শিৱপুৰী।বানৰ লগত উটি অহা এটা প্ৰকাণ্ড ঘৰিয়াল জিলা খনৰ এখন গাঁৱত প্ৰৱেশ কৰে।
বিশাল আকাৰৰ এই ঘৰিয়ালটো দেখি গাঁৱৰ এচাম মানুহে তাক ধৰি এডাল ৰছীৰে বান্ধি পেলায়। তাতে ক্ষান্ত নাথাকি বান্ধি পেলোৱা ঘৰিয়ালটো কান্ধত লৈ ছেল্ফী তুলিবলৈ ধৰে। আৰু সেই দৃশ্য তেওঁলোকে সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।
সমগ্ৰ দেশজুৰি উক্ত ঘটনাটো তৎক্ষণাত ভাইৰেল হৈ পৰাত এতিয়া সচেতন মহলত চৰ্চা হৈছে যে কেৱল ছেল্ফী তুলিবলৈকে এনেদৰে ঘৰিয়ালটো ধৰি অত্যাচাৰ কৰাটো কিমান যুক্তিসংগত?
উল্লেখযোগ্য যে ছেল্ফী তোলাৰ পিছতেই সেই উন্মত্ত লোকসকলে ঘৰিয়ালটো মাটিত বহুত সময় বান্ধি থৈ দিয়ে আৰু কিছু সময় পিছত বান্ধি ৰখা অৱস্থাতেই পানীত এৰি দিয়ে।
পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে খবৰ পাই দূৰ্ভগীয়া ঘৰিয়ালটো উদ্ধাৰ কৰি নদীত এৰি দিয়ে।এতিয়া চৰ্চা হৈছে যে পানীত উটি অহা এই ঘৰিয়ালটো দেখাৰ মাত্ৰতে উন্মত্ত লোকসকলে নিজৰ বীৰত্ব প্ৰদৰ্শনৰ বাবেই এনেকৈ দিকভ্ৰান্ত হোৱা ঘৰিয়ালটোক অত্যাচাৰ কৰিলে।
তেনেক্ষেত্ৰত অতি সোনকালে এই হৃদয়হীন লোকৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমী সকলে।