বলিউডৰ বহুতো তাৰকা নিজৰ বিভিন্ন ধৰণৰ কথা বা বিষয়ৰ বাবে মাজে সময়ে সংবাদ মাধ্যমৰ শীৰ্ষস্থানত থকা দেখা যায়। সৌন্দৰ্য তথা শাৰীৰিক সক্ষমতাৰ বাবে তাৰকাসকলে বিভিন্ন ডায়েট , পানীয়ৰ লগতে শাৰীৰিক ব্যায়াম বা অভ্যাস কৰে। জানিবলৈ পোৱা মতে এই তাৰকাসকলৰ মাজত ব্যৱহাৰ বৃদ্ধি পাইছে এবিধ বিশেষ কলা ৰঙৰ পানীয়ে।মালাইকা অৰোৰা , বিৰাট কোহলী , শ্ৰুটি হাচান , উৰ্বশী ৰোটেলা আদি বলিউডৰ বহুত তাৰকাৰ মাজত অতি জনপ্ৰিয় “black alkaline water“।
উল্লেখ্য যে বলিউডৰ বহুতো তাৰকাই সেৱন কৰে এই “black alkaline water“। এই পানীৰ স্বাস্থ্যসন্মত বহুতো গুণাগুণ আছে। প্ৰাপ্ত তথ্য মতে এই পানীত ৭০% খনিজ পদাৰ্থ ব্যৱহাৰ কৰা হয় যাৰ ফলত এই পানীৰ ৰং ক’লা হয়। ক’লা ৰঙৰ এই পানীৰ দাম প্ৰতি লিটাৰত ২০০ টকা।
পানী প্ৰাণীৰ জীৱনস্বৰূপ। মানৱ শৰীৰৰ ৬০% পানীৰ দ্বাৰা গঠিত। দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খালেহে শৰীৰটোৱে পাবলগীয়া পানীৰ পৰিমাণ লাভ কৰে।পানীয়ে শৰীৰৰ তাপমানও নিয়ন্ত্ৰণ কৰি ৰাখে। উল্লেখ্য যে “black alkaline water“ নামৰ এই কলা ৰঙৰ পানী শৰীৰৰ বাবে অতি উপকাৰী।
উল্লেখ্য যে ভাৰতত এই কলা ৰঙৰ পানী বিক্ৰী কৰা মাত্ৰ এটাই কোম্পানী আছে। কোম্পানীটোৰ মতে এই পানীত থকা খনিজ পদাৰ্থই শৰীৰক বহুতো ক্ষেত্ৰত সহায় কৰে।সাধাৰণ পানীতকৈ এই “black alkaline” পানীত পুষ্টিকৰ দ্ৰব্য বেছি পৰিমাণে থাকে। এই পানী উচ্চ ৰক্তচাপ , মধুমেহ, উচ্চ কলেষ্টেৰল আদিৰ ক্ষেত্ৰত যথেষ্ট উপযোগী।
- “black alkaline” পানীয়ে শৰীৰটোক ডিহাইড্ৰেচনৰ পৰা ৰক্ষা কৰে। মাংসপেশী সম্প্ৰসাৰণ , হাড় মজবুত কৰা তথা কিডনী ভালে ৰখা আদিবোৰ ক্ষেত্ৰত সহায়ক হয় এই কলা ৰঙৰ পানীয়ে।
- “black alkaline” পানীয়ে শৰীৰত এচিডৰ পৰিমাণ কম কৰে।
- আনহাতে এই পানীয়ে খাদ্য হজম হোৱাটো যথেষ্ট পৰিমাণে সহায় কৰে।
- শৰীৰৰ অতিৰিক্ত চৰ্বী গলোৱাৰ লগতে এক স্বাস্থ্যবান শৰীৰৰ অধিকাৰী হ’বৰ বাবে নিয়মিত ভাৱে এই পানী সেৱন কৰিব পৰা যায়।
- “black alkaline” পানীত প্ৰচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট থাকে, যিয়ে বয়সৰ চাপ কম কৰাৰ লগতে ছাল আৰু চুলিৰ ক্ষেত্ৰতো যথেষ্ট ইতিবাচক প্ৰভাৱ পেলায়।