সামাজিক মাধ্যম টুইটাৰত ভাইৰেল হৈছে এটি আশ্চৰ্যকৰ ভিডিঅ’ ৷ যি ভিডিঅ’ দেখি শিয়ঁৰি উঠিছে সকলো ৷ কাৰণ কেতিয়াবা মৌমাখিয়ে কামোৰা লোকসকলেহে জানে যে ই কিমান বিপদজনক। মৌচাকৰ পৰা মৌ পৰা পদ্ধতি নজনা সকল সেয়েহে কেতিয়াও মৌ পাৰিবলৈ মৌ-মাখিবোৰৰ কাষ নাচাপে ৷
কিন্তু শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ভিডিঅ’টোত মৌমাখিবোৰে এজন যুৱকৰ হাতত এটা মৌবাহ তৈয়াৰ কৰিছে। যি দৃশ্যই বৰ্তমান সময়ত ইণ্টাৰনেটতো তীব্ৰ খলকনিৰ সৃষ্টি কৰিছে ৷ ভিডিঅ’টোত, এজন যুৱকক এটা অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা দেখা গৈছে আৰু মৌমাখিবোৰে তেওঁৰ হাতত মেৰিয়াই ধৰিছে। এই মৌমাখিবোৰে তেওঁৰ হাতত এখন মৌচাক তৈয়াৰ কৰিছে। অবিশ্বাস্য যদিও ই এক সঁচা ঘটনা ৷ যুৱকজনৰ বাওঁহাতত মৌৱে বাহ লৈছে যদিও ইয়াকে লৈ তেওঁৰ অলপো ভয় নাই তেওঁ বৰঞ্চ গোটেই ৰাস্তাটো সহজ ভাৱেই ঘূৰি ফুৰিছে ৷ অৱশ্যে তেওঁক এনেকৈ দেখা সকলৰ নিশ্চয়কৈ চকু কঁপালত উঠিছে ৷
এই ঘটনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন চহৰৰ । প্ৰতিবেদন অনুসৰি, যুৱকজনে এখন মৌৰ দোকান চলায়। সেইকাৰণেই হয়তো মৌমাখিবোৰ আহি তেওঁক সাৱটি ধৰিছিল। আনহাতে বহুতৰ মতে এই যুৱকজনে এক নিৰ্দিষ্ট কৌশলেৰে মৌমাখিবোৰক বশ কৰিছে।সেইকাৰণেই সকলোকে দংশন কৰা সেই মৌমাখিবোৰে যুৱকজনৰ হাতত মেৰিয়াই ধৰিছে। কিন্তু সকলোকে আচৰিত কৰি মৌমাখিবোৰে যুৱকজনৰ হাতত মেৰিয়াই ধৰা স্বত্তেও যুৱকজনে অলপো ভয় কৰা নাই বা সিহতক আতৰোৱা নাই।
প্ৰতিবেদন অনুসৰি, যুৱকজনে মৌমাখিৰ ৰাণীক হাতৰ মুঠিত ধৰি থকাৰ বাবেই মৌমাখিবোৰ আহি তেওঁৰ হাত মেৰিয়াই ধৰিছিল।
Man carries an entire bee colony on his arm by holding the queen in his fist
🎥: daniirodma pic.twitter.com/HuV10lAEv0
— The Sun (@TheSun) October 26, 2022